Elephant death controversy : কাজিৰঙাত বাবুৰ মৃত্যুক লৈ চাঞ্চল্য - Elephant death controversy
🎬 Watch Now: Feature Video


Published : Nov 10, 2023, 5:05 PM IST
কাজিৰঙা, ৮ নৱেম্বৰ : বিগত মাৰ্চৰ পৰা কাজিৰঙা বন বিভাগৰ অধীনত থকা বাবু নামৰ হাতীটোৰ ৰহস্যজনক মৃত্যু হোৱাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । মৃত্যুৰ ২৪ ঘণ্টাৰ পিছতো বাবুক দীৰ্ঘদিন ধৰি চোৱা চিতাৰ দায়িত্বতত থকা পৰিয়ালটোক এই বিষয়ে নজনোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ উল্লেখ্য় যে বিগত ২৫ বছৰে মৰাণৰ অকণি দত্ত নামৰ পৰিয়ালটোৱে বাবুৰ চোৱা চিতাৰ দায়িত্বত আছিল । কিন্তু বাবুৰ মৃত্যুৰ ২৪ ঘণ্টা উকলি যোৱাৰ পাছতো বাবুক চোৱা চিতা কৰা পৰিয়ালটোক খবৰ নিদিলে বন বিভাগে ।
এই পৰিয়ালটোৰ সদস্য় সকলে অভিযোগ উত্থাপন কৰি কয় যে মৰণোত্তৰ পৰীক্ষাৰ নামত বন বিভাগৰ ঘটনাটো গাপ দিয়াৰ চেষ্টা চলাইছে । উল্লেখ্য় যে বাবুক জব্দ কৰি অনা হৈছিল ডিব্ৰুগড়ৰ মডেলা মধুপুৰৰ পৰা । যোৰহাটৰ এজন অচিনাক্ত লোকে বন বিভাগৰ লোকৰ দ্বাৰা জব্দ কৰাইছিল এই হাতীটোক । চলিত বৰ্ষৰ মাৰ্চত বন বিভাগে জব্দ কৰি হাতীটোক লৈ আনিছিল কাজিৰঙালৈ । বৰ্তমান হাতীটোৰ মৃত্যুৰ কাৰণ জনোৱা নাই হাতীটোৰ চোৱা চিতাৰ দায়িত্বত থকা পৰিয়ালক । আনহাতে, হাতীটোক লৈ চলি আছে এটি গোচৰ ।