thumbnail

By ETV Bharat Assamese Team

Published : Sep 27, 2023, 10:49 PM IST

ETV Bharat / Videos

Rashtriya Poshan Maah 2023: ডিব্ৰুগড়ত দিনযোৰাকৈ অনুষ্ঠিত হ'ল ৰাষ্ট্ৰীয় পোষণ মাহ কাৰ্যসূচী

ডিব্ৰুগড়, ২৭ ছেপ্টেম্বৰ: শিশু-কিশোৰ, মহিলাসকলক পুষ্টিহীনতাৰ পৰা মুক্ত কৰিবলৈ দেশজুৰি পালন কৰা হৈছে ৰাষ্ট্ৰীয় পোষণ মাহ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ দৰে ডিব্ৰুগড়তো বুধবাৰে দিনযোৰাকৈ অনুষ্ঠিত কৰা হয় ৰাষ্ট্ৰীয় পোষণ মাহ কাৰ্যসূচী । ডিব্ৰুগড়ৰ পৌৰসভা কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই ৰাষ্ট্ৰীয় পোষণ মাহ কাৰ্যসূচী শুভাৰম্ভ কৰিলে অতিৰিক্ত জিলা আয়ুক্ত সংঘমিত্ৰা বৰুৱাই ।

ডিব্ৰুগড়ৰ নগৰ সংহত শিশু বিকাশ সেৱাৰ উদ্যোগত অনুষ্ঠিত পোষণ মাহ উপলক্ষে শিশু আৰু মাতৃৰ পুষ্টিকৰ আহাৰক লৈ এক প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । এই প্ৰতিযোগিতাত প্ৰায় তিনিশৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে । এই প্ৰতিযোগিতাৰ জৰিয়তে পুষ্টিকৰ খাদ্য প্ৰস্তুতৰ বাবে মাতৃসকলৰ অধিক আগ্ৰহ বৃদ্ধি কৰাৰ বাবে চেষ্টা কৰা হয় । এই কাৰ্যসূচীত স্বাস্থ্যকৰ্মী, অংগনবাড়ী কৰ্মী, আশা, শিশুৰ মাতৃ, ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক: ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে ডবকাত সজাগতা সভা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.