Tortoise rescued: জোনাইত বিৰল প্ৰজাতিৰ কাছ উদ্ধাৰ - জোনাই পবা বৰ্ষাৰণ্য
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16731402-555-16731402-1666578455889.jpg)
জোনাইত ৰতকে গাঁৱত বিৰল প্ৰজাতিৰ কাছ উদ্ধাৰ(Tortoise rescued in Jonai) । ৰতকে গাঁৱৰ প্ৰেমধৰ কুটুমৰ ঘৰৰ চোতালত উদ্ধাৰ হয় বিৰল প্ৰজাতিৰ কাছটো(Rare tortoise rescued in Jonai) । জানিব পৰামতে দেওবাৰে নিশা প্ৰায় ১১ মান বজাত ঘৰৰ পোহনীয়া কুকুৰে ভুকিবলৈ ধৰাত পৰিয়ালৰ লোকে বাহিৰলৈ ওলাই চোৱাত প্ৰত্যক্ষ কৰে প্ৰায় ২ কিলো গ্ৰাম ওজনৰ এই বিৰল প্ৰজাতিৰ কাছটো । লগে লগে জোনাই বন বিভাগক খবৰটো দিয়াত বন বিভাগৰ কৰ্মচাৰীয়ে প্ৰেমধৰ কুটুমৰ ঘৰত উপস্থিত হৈ উদ্ধাৰ কৰে কাছটো । পিছত বন বিভাগে কাছটো উদ্ধাৰ কৰি জোনাই পবা বৰ্ষাৰণ্যৰ তিনি মাইল ঘাটৰ ছিয়াং নদীত মুকলি কৰি দিয়ে ।
Last Updated : Feb 3, 2023, 8:29 PM IST