thumbnail

By

Published : Jun 9, 2023, 2:20 PM IST

ETV Bharat / Videos

Bengal slow loris rescue: জোনাইৰ তৰাজানত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ লাজুকী বান্দৰ

জোনাই, 9 জুন : বৃহস্পতিবাৰে নিশা প্ৰায় 9 বজাত জোনাইৰ তৰাজানত উদ্ধাৰ কৰা হয় বিৰল প্ৰজাতিৰ এটা লাজুকী বান্দৰ (Slow loris rescued at Jonai) ৷ তৰাজান গাঁৱৰ ৰুচ পাৱ নামৰ এজন লোকৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হয় এই লাজুকী বান্দৰটো ৷ এই বিৰল প্ৰজাতিৰ বান্দৰটো চাবলৈ নিশাই ৰুচ পাৱৰ ঘৰত অঞ্চলটোৰ বহু ৰাইজে ভিৰ কৰা পৰিলক্ষিত হয় ৷

ৰুচ পাৱে উল্লেখ কৰা অনুসৰি, এটা ব্যক্তিগত কামত ঘৰৰ পৰা ওলাই গৈছিল তেওঁ ৷ তেনে সময়তে তেওঁৰ পত্নীয়ে ঘৰৰ প্ৰত্যক্ষ কৰে এটা অদ্ভুদ জন্তু ৷ তাৰ পাচতে ৰুচ পাৱৰ পত্নীয়ে খবৰ দিয়ে স্থানীয় লোকক ৷ স্থানীয় লোকৰ তৎপৰতাত খবৰ দিয়া হয় বন বিভাগৰ লোকক ৷ খবৰ পোৱাৰ মাত্ৰে উক্ত স্থানত বন বিভাগৰ লোক উপস্থিত হোৱাত এই অদ্ভুদ জন্তুটো লাজুকী বান্দৰ বুলি চিনাক্ত কৰে (Rare species of Bengal slow loris)৷

তাৰ পাচতে স্থানীয় লোকৰ সহযোগত বন বিভাগৰ লোকে উদ্ধাৰ কৰে দুষ্প্ৰাপ্য প্ৰজাতিৰ লাজুকী বান্দৰটো ৷ আনকি বন বিভাগৰ লোকে বৃহস্পতিবাৰে নিশাই পবা সংৰক্ষিত বনাঞ্চলৰ লেকু খণ্ডত এৰি দিয়ে ৷

লগতে পঢ়ক : Turtle rescue in Samaguri: চামগুৰিৰ খাটোৱালত দুটাকৈ দুষ্প্ৰাপ্য প্ৰজাতিৰ কাছ উদ্ধাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.