People travelling across railway tracks: ৰঙিয়া-মুৰ্কংচেলেক ৰে’লপথৰ ওপৰেদি বিপদ সংকুলভাৱে যাতায়ত - ৰে’ল গেট নিৰ্মাণ
🎬 Watch Now: Feature Video
কামৰূপ-তামুলপুৰ জিলাৰ সীমান্তৰ ৰঙিয়াৰ চিৰাখুন্দিত ৰঙিয়া-মুৰ্কংচেলেক ৰে’লপথৰ ওপৰেদি বছৰ বছৰ ধৰি বিপদ সংকুলভাৱে যাতায়ত অব্যাহত ৰাখিছে ৰাইজে ৷ চিৰাখুন্দিত থকা ৰে’ল লাইনৰ বাবেই যাতায়তৰ বাবে থকা এটা পথ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে ৷ যাৰ ফলত ৰাইজে ৰে’লপথৰ ওপৰেদি যাতায়ত কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে । উল্লেখ্য যে ৰে’লপথৰ ওপৰেদি যাতায়ত কৰাৰ বাবেই ৰে’লৰ খুন্দাত বহুলোকৰ প্ৰাণ হানি হোৱাৰ লগতে চিৰদিনৰ বাবে ঘূণীয়া হৈ পৰিছে বহুলোক । কেৱল ইমানেই নহয়, স্বাস্থ্যজনিত যিকোনো জৰুৰীকালীন সেৱাৰ বাবেও যথেষ্ট সমস্যাৰ সন্মুখীন হ’ব লগা হয় ৰাইজে ৷ ইফালে সম্পূৰ্ণ উন্মোক্ত অৱস্থাত থকা ৰে’ল লাইনৰ ওপৰেদি অবৈধভাৱে যাতায়ত চলাই অহাৰ অভিযোগত শেহতীয়াভাৱে ৰে’ল বিভাগে বন্ধ কৰি দিয়ে পথচোৱা । ফলত কুৰিখনৰো অধিক গাঁৱৰ ৰাইজৰ যোগাযোগৰ একমাত্ৰ পথচোৱা সম্প্ৰতি বন্ধ হৈ পৰাত যাতায়ত ব্যৱস্থা বিচ্ছিন্ন হৈ পৰিছে । সেয়েহে, এই স্থানত এখন উৰণীয়া সেঁতু অথবা এখন ৰে’ল গেট নিৰ্মাণ কৰি ৰাইজৰ সমস্যা সমাধান কৰিবলৈ চৰকাৰলৈ আহ্বান জনাইছে ৰাইজে ।
Last Updated : Feb 3, 2023, 8:35 PM IST