Student Union election: ৰঙিয়া মহাবিদ্যালয়ত আছুৰ বিজয়ধ্বজা

By ETV Bharat Assamese Team

Published : Nov 12, 2023, 11:58 AM IST

thumbnail

ৰঙিয়া,১২ নৱেম্বৰ: শনিবাৰে ঘোষণা কৰা হয় ৰঙিয়া মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল । এই বছৰৰ নিৰ্বাচনত সভাপতি, সম্পাদকসহ ৯ টাকৈ পদত সদৌ অসম ছাত্ৰ সন্থাৰ সমৰ্থিত প্ৰাৰ্থীয়ে জয়লাভ কৰে । ইয়াৰ বিপৰীতে মাত্ৰ তিনিটা পদত ক্ষান্ত থাকিবলগীয়া হ'ল ABVP । এই বছৰৰ নিৰ্বাচনত সভাপতিৰ পদত নিৰ্বাচিত হয় জ্যোতিৰ্ময় কলিতা আৰু সাধাৰণ সম্পাদকৰ পদত নিৰ্বাচিত হৈছে পৰাগ জ্যোতি ডেকা ।

জয়লাভৰ পিছত বিজয়ী প্ৰাৰ্থীসকলৰ লগতে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে মহাবিদ্যালয়ৰ পৰা ৰঙিয়াৰ মাজৰে আছুৰ কাৰ্যালয়লৈ এক সমদল উলিয়ায় । হৰ্ষোল্লাস কৰি আগুৱাই যোৱা ছাত্ৰ-ছাত্ৰীসকলে আছুৰ কাৰ্যালয়ৰ সন্মুখত গীত-নৃত্য কৰি আনন্দ কৰা পৰিলক্ষিত হয় । এই বিজয়ৰ পিছত আছুৰ উপদেষ্টা হেমন্ত দাসে কয় যে এই জয় সাম্প্ৰদায়িক কথা-বতৰাৰে পৰিৱেশ বিনষ্ট কৰিবলৈ ওলোৱা অপশক্তিৰ বিৰুদ্ধে অসমীয়াৰ একতাৰ জয় ।  

লগতে পঢ়ক: Barnagar College students union election : বৰনগৰ মহাবিদ্যালয়ত আছুৰ বিজয় সমদলক লৈ এবিভিপিৰে সংঘাত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.