ৰাজস্থানৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী ভজনলাল শৰ্মাৰ বাহন দুৰ্ঘটনাগ্ৰস্ত

By ETV Bharat Assamese Team

Published : Dec 20, 2023, 1:07 PM IST

thumbnail

নিউজ ডেস্ক, ২০ ডিচেম্বৰ: ৰাজস্থানৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী ভজনলাল শৰ্মাৰ বাহনখন মঙলবাৰে নিশা দুৰ্ঘটনাত পতিত হয় । উত্তৰ প্ৰদেশৰ সীমান্তৰ ভৰতপুৰৰ পুঞ্চাৰী কা লোথাৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনাটো । এটা নলাত আবদ্ধ হৈ পৰে মুখ্যমন্ত্ৰী ভজনলালৰ বাহন । এই দুৰ্ঘটনাত কথমপি প্ৰাণৰক্ষা পৰে মুখ্যমন্ত্ৰী ভজনলালৰ । মুখ্যমন্ত্ৰী ভজনলালে গোৱৰ্ধন (গিৰিৰাজ জী) দৰ্শনলৈ যোৱাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনাটো ৷ 

অৱশ্যে পাচত কনভয়ৰ আন এখন বাহনেৰে গোবৰ্ধনলৈ প্ৰেৰণ কৰা হয় মুখ্যমন্ত্ৰীগৰাকীক ৷ গোবৰ্ধন উপস্থিত হোৱাৰ পাচত মুখ্যমন্ত্ৰীগৰাকীয়ে পত্নীসহ গোবৰ্ধনৰ প্ৰধান মন্দিৰত ধৰ্মীয় ৰীতি-নীতিৰে প্ৰাৰ্থনা কৰে । ৰাজস্থানৰ মুখ্যমন্ত্রী নির্বাচিত হোৱাৰ পাচত প্রথমবাৰৰ বাবে গোবর্ধনত উপস্থিত হয় ভজনলাল ৷ গোবৰ্ধন দৰ্শনৰ পাচত মুখ্যমন্ত্ৰীগৰাকীক ভজনলাল শৰ্মাক নিৰাপদে পঠিওৱা হয় ।

লগতে পঢ়ক: ৰাজস্থানৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ ভজনলাল শৰ্মাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.