Rahul Gandhi scooter ride : জয়পুৰৰ ৰাস্তাত ছাত্ৰীৰ স্কুটাৰত উঠিল ৰাহুল গান্ধী - Rahul Gandhi Jaipur visit
🎬 Watch Now: Feature Video


Published : Sep 23, 2023, 5:46 PM IST
|Updated : Sep 23, 2023, 6:35 PM IST
নিউজ ডেস্ক, ২৩ ছেপ্টেম্বৰ : বিভিন্ন সময়ত, বিভিন্ন স্থানত, বিভিন্ন পৰিৱেশত ভিন্ন ৰূপ ৰাহুল গান্ধীৰ । কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে সাধাৰণ মানুহৰ মাজত একাত্ম হোৱাৰ বিভিন্ন ছবি-ভিডিঅ' শেহতীয়াভাৱে প্ৰকাশ পাই আহিছে । এইবাৰ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীক দেখা গ'ল আন এক ভিন্ন ৰূপত । শনিবাৰে ৰাজস্থানৰ সৰ্ববৃহৎ কন্যা মহাবিদ্যালয় মহাৰাণী মহাবিদ্যালয় পৰিদৰ্শন কৰে । তাত তেওঁ মেধাৱী শিক্ষাৰ্থীসকলক স্কুটী বিতৰণ কৰে । তাৰ পিছত মহাবিদ্যালয়খনৰ এগৰাকী ছাত্ৰীৰ সৈতে স্কুটীত উঠি মানসৰোবৰৰ সভাস্থলীলৈ ৰাওনা হয় ।
ৰাজস্থান প্ৰদেশ কংগ্ৰেছ কমিটীৰ নতুন কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰিবলৈ জয়পুৰত উপস্থিত হোৱা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে শ্ৰমিক সন্মিলনত অংশগ্ৰহণ কৰে আৰু গান্ধী বাটিকা উদ্বোধন কৰে । ইয়াৰ পূৰ্বে শনিবাৰে মহাৰাণী মহাবিদ্যালয়ত উপস্থিত হয় । তাত তেওঁ পুথিভঁৰালটো পৰিদৰ্শন কৰি উঠি মেধাৱী শিক্ষাৰ্থীসকলক স্কুটী বিতৰণ কৰে । তাৰ পৰা ৰাহুল গান্ধীয়ে হেলমেট পিন্ধি ছাত্ৰগৰাকীৰ স্কুটীত উঠি মানসৰোবৰৰ সভাস্থলীলৈ ৰাওনা হয় ।
আনহাতে, ৰাহুল গান্ধীয়ে মহাৰাণী মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ সৈতে বাৰ্তালাপতো মিলিত হয় । তাত তেওঁ কয় যে তেওঁ বহুতো শিক্ষানুষ্ঠান পৰিদৰ্শন কৰিছে । কিন্তু মহাৰাণী মহাবিদ্যালয় তেওঁ পৰিদৰ্শন কৰা শ্ৰেষ্ঠ প্ৰতিষ্ঠানসমূহৰ ভিতৰত এখন । এই সময়ছোৱাত তেওঁ যুৱসকলৰ প্ৰয়োজনীয়তা সন্দৰ্ভত আলোচনা হ'ব লাগে বুলিও উল্লেখ কৰে । লগতে ৰাহুল গান্ধীয়ে দেশৰ নাৰীৰ স্থিতি আৰু শিক্ষাৰ্থীসকলৰ সন্মুখত নাৰী সংৰক্ষণ সন্দৰ্ভতো মতামত ব্যক্ত কৰে ।