Raha Fishery College: ৰহা মীন মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ

By

Published : Dec 10, 2022, 10:39 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

thumbnail
উখল-মাখল ৰহাস্থ মীন মহাবিদ্যালয় চৌহদ । শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে উত্তৰ-পূৱৰ একমাত্ৰ মহাবিদ্যালয়খনত অনুষ্ঠিত হয় প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ(Alumni meet 2022)। গীতে-মাতে মুখৰিত হৈ পৰা অনুষ্ঠানত অংশগ্ৰহণ কৰে ৰাজ্যৰ মীনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই(Fisheries Minister Parimal Suklabaidya) । অনুষ্ঠানত ভাষণ দি মন্ত্ৰীগৰাকীয়ে মীন ক্ষেত্ৰত অসমে বহু আগুৱাই গৈছে বুলি মন্তব্য কৰি এইক্ষেত্ৰত মীন মহাবিদ্যালয়ৰ ভূমিকা যথেষ্ঠ বুলি কয় । মানুহৰ মানসিক শাৰীৰিক উৎকৰ্ষৰ বাবে মাছৰ প্ৰয়োজনীয়তা অধিক বুলি কৈ চালানী মাছ বৰ্জনৰ আহ্বান জনাই থলুৱা মাছ উৎপাদনত গুৰুত্ব দিবলৈ আহ্বান জনায় । অনুষ্ঠানতে সমাৰোহ উপলক্ষে প্ৰকাশ কৰা স্মৃতিগ্ৰন্থ সুহৃদ উন্মোচন কৰে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই । অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ(Assam Agricultural University) পঞ্জীয়ক তপন গোঁহাই প্ৰমুখ্য প্ৰাক্তন শিক্ষকসকলো উপস্থিত থাকে । পুৱা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে এক আকৰ্ষণীয় সাংস্কৃতিক শোভাযাত্ৰাও উলিয়ায় । সত্ৰীয়া, বিহু, মীন বিভাগ আদিক প্ৰতিনিধিত্ব কৰি উলিওৱা শোভাযাত্ৰাই আকৰ্ষণ কৰে সকলোকে ।
Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.