ৰাস মহোৎসৱৰ আখৰাত ব্যস্ত শিশুৰ পৰা যুৱক-যুৱতী

By ETV Bharat Assamese Team

Published : Nov 22, 2023, 4:25 PM IST

thumbnail

গোলাঘাট, 22 নৱেম্বৰ : সমাগত ৰাস মহোৎসৱ ৷ ৰাস উদযাপনৰ বাবে এতিয়া ৰাজ্যৰ গাঁৱে-ভূঞে চলিছে ৰাসৰ আখৰা ৷ শ্ৰীকৃষ্ণ, দৈৱকীৰ লগতে গোপীসকলো এতিয়া ব্যস্ত ৰাসৰ আখৰাত ৷ গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে চিনাতলীতো চলিছে ৰাসৰ প্ৰস্তুতি ৷ 

চিনাতলী বৰনামঘৰ পৰিচালনা সমিতিৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া এই ৰাস মহোৎসৱৰ বাবে দিনে নিশাই ব্যস্ত হৈ পৰিছে কণমানিৰ পৰা যুৱক-যুৱতী সকলো । মুঠতে এতিয়া ৰাসৰ বন্দনাৰে মুখৰিত হৈছে আকাশ বতাহ ৷ গোলাঘাটৰ চিনাতলী গাঁৱৰ ডেকা, গাভৰু, কণ কণ শিশুসকলে ৰাসলীলা উদযাপনৰ বাবে সুন্দৰভাৱে চলাইছে ৰাসৰ প্ৰস্তুতি ৷ স্থানীয় শিল্পীৰ দ্বাৰা অনুষ্ঠিত হ’বলগীয়া এই ৰাস মহোৎসৱত সমূহ গোলাঘাটবাসী ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে চিনাতলীয় বৰনামঘৰ পৰিচালনা সমিতিয়ে। 

লগতে পঢ়ক: লণ্ডনত চলি আছে চিকাৰৰ শ্বুটিং, লণ্ডনৰ পৰাই সিদ্ধাৰ্থ শৰ্মাই শ্বেয়াৰ কৰিলে এটা ভিডিঅ’

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.