উত্তৰ কমলাবাৰী সত্ৰৰ ৰাসে আকৰ্ষণ কৰিছে হাজাৰ হাজাৰ দৰ্শকক - দ্বিতীয় বৃন্দাবনলৈ পৰ্যবেশিত হ’ল সত্ৰ নগৰী মাজুলী
🎬 Watch Now: Feature Video


Published : Nov 27, 2023, 10:11 AM IST
মাজুলী, 27 মাজুলী : ‘‘শৰৎ কালৰ ৰাতি অতি বিতোপন ৷ ৰাসক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈল মন ৷৷’’ শ্ৰীকৃষ্ণৰ বন্দনাত মুখৰিত হৈ পৰিছে ৰাজ্য ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰাস পূৰ্ণিমা অৰ্থাৎ দেওবাৰৰ আৰম্ভ হৈছে ৰাস মহোৎসৱ ৷ কি উজনি, কি নামনি-সকলোতে এতিয়া ৰাসৰ আনন্দ উল্লাস ৷
ইফালে ৰাস পূৰ্ণিমাৰ দিনাই দ্বিতীয় বৃন্দাবনলৈ পৰ্যবসিত হ’ল সত্ৰ নগৰী মাজুলী ৷ শ্ৰীকৃষ্ণৰ মুৰুলীৰ ধ্বনিয়ে আৰ্কষিত কৰিছে পৰ্যটকক ৷ মাজুলীৰ ঐতিহাসিক উত্তৰ কমলাবাৰী সত্ৰত এইবাৰ ৩৫০ বছৰীয়া গৌৰৱোজ্জ্বল ৰাস মহোৎসৱখনি আয়োজন কৰিছে । যাৰ বাবে ঐতিহাসিক সত্ৰখনত এক উখল মাখল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে ।
আনকি দেওবাৰে নিশা ঐতিহাসিক উত্তৰ কমলাবাৰী সত্ৰৰ ৰাস উপভোগ কৰিবলৈ হাজাৰ হাজাৰ দৰ্শকৰো সমাগম হোৱা দেখিবলৈ পোৱা যায় ।
লগতে পঢ়ক : মাজুলীৰ ৰাসোৎসৱে হাত বাউল দি মাতিছে, দক্ষিণপাট সত্ৰত পৰ্যটকৰ ভিৰ