Rass Leela in Majuli : শ্ৰীশ্ৰী দক্ষিণপাট সত্ৰত সম্পন্ন ৰাসৰ নাটমেলা অনুষ্ঠান

By ETV Bharat Assamese Team

Published : Oct 29, 2023, 7:22 AM IST

thumbnail

মাজুলী, 29 অক্টোবৰ : মাজুলীত এতিয়া উৎসৱৰ বতৰ । পদূলিয়ে পদূলিয়ে আমোলমোল তলসৰা দুৱৰিত শেৱালিৰ গোন্ধ । শৰৎ মানেই শইচ সম্ভৱা সেউজীয়া পথাৰ, শুভ্ৰ কহুৱাৰ মিচিকিয়া হাঁহিৰ আহ্বান, নীলা আকাশত শুকুলা মেঘৰ লুকাভাকু । এই শৰতৰ চকুত চকু থৈ প্ৰেম আৰু বিশ্বাসত মজবুত কৰে মাজুলীবাসীয়ে সোণালী ভবিষ্যৎ ।

শৰৎ যেন প্ৰেমৰ ঋতু সম্ভাৱনাৰ ভৰুণ সময় । জীৱনৰ বান বাৰিষাৰ দুখ দুৰ্ভাবনাবোৰ মেঘৰ বোকোচাত পৰ্বতৰ সিপাৰলৈ নিৰ্বাসন দিয়ে । বান বাৰিষাৰ দুৰ্যোগ দুৰ্ভাবনা পাহৰি পেলাইছে মাজুলীবাসীয়ে । এই শুভ সময়তে শনিবাৰে লক্ষ্মী পূজাৰ দিনা মাজুলীৰ 12 খনকৈ সত্ৰৰ লগতে অৰ্ধ শতাধিক ৰংগ মঞ্চত শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ নাট মুকলি হয় ।

মাজুলীৰ অন্যান্য সত্ৰৰ সমান্তৰালভাৱে ঐতিহাসিক শ্ৰীশ্ৰী দক্ষিণপাট সত্ৰতো ৰাসৰ নাটমেলা অনুষ্ঠান অনুষ্ঠিত কৰা হয় । লক্ষ্মী পূজাৰ দিনা সত্ৰাধিকাৰ চ'ৰাত আধ্যাত্মিক পৰিৱেশৰ মাজত মুকলি কৰা হয় ৰাসৰ নাটমেলা পৰ্ব । সত্ৰৰ সকলো ভকত বৈষ্ণৱে অংশগ্ৰহণ কৰে এই অনুষ্ঠানত ।

লগতে পঢ়ক: Rass Leela in Majuli: মাজুলীত আৰম্ভ শ্ৰীকৃষ্ণৰ ৰাস লীলাৰ আখৰা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.