ৰাসৰ আখৰাত গুঞ্জৰিত ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী বামুণী গোঁসাই থান

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Nov 18, 2023, 1:06 PM IST

বঢ়মপুৰ, 18 নৱেম্বৰ : এতিয়া শৰৎ কালৰ বতৰ । সমগ্ৰ ৰাজ্যতে চলিছে এতিয়া শ্ৰী শ্ৰী কৃষ্ণ ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ নগাঁও কঠীয়াতলীৰ ঐতিহ্যমণ্ডিত ধৰ্মানুষ্ঠান শ্ৰী শ্ৰী বামুণী গোঁসাই থান প্ৰাংগণত বিগত বৰ্ষৰ দৰে এই বৰ্ষটো অহা ইং ২৬, ২৭ আৰু ২৮ নৱেম্বৰত তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে ৰাস মহোৎসৱৰ ।

ৰাস মহোৎসৱৰৰ লগত সংগতি ৰাখি ৰাস পৰিচালনা সমিতিয়ে আৰম্ভ কৰিছে আখৰা। অঞ্চলটোৰ প্ৰায় শতাধিক যুৱক-যুৱতী আৰু কণ-কণ শিশুসকলে অংশগ্ৰণ কৰিছে এই কৃষ্ণ ৰাসৰ আখৰাত। প্ৰশিক্ষকৰ ভংগীমা আৰু তালে তালে সকলোৱে আনন্দত আত্মহাৰা হৈ এপাক নাচিলে জুমৰমুৰ আখৰাস্থলীৰ প্ৰাংগণত ।

জানিব পৰা মতে, এইবাৰ ১৩৩ তম বৰ্ষত ভৰি দিয়া এই ৰাস মহোৎসৱৰ তিনিদিনীয়া কাৰ্যসূচীত সকলো ৰাইজৰ উপস্থিতি তথা অকুণ্ঠ সু-দিহা পৰামৰ্শ একান্তভাৱে কামনা কৰি উৎসৱভাগলৈ সাদৰৰে নিমন্ত্ৰণ জনাইছে আয়োজক সমিতিয়ে ।

লগতে পঢ়ক : Raas mahotsav 2023: ৰাসৰ আখৰা, মুখৰিত মাজুলীৰ আকাশ-বতাহ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.