thumbnail

বৰপেটা সত্ৰত উলহ-মালহেৰে পালিত হ’ল ৰাস পূৰ্ণিমা

By ETV Bharat Assamese Team

Published : Nov 27, 2023, 10:04 AM IST

বৰপেটা, 27 নৱেম্বৰ: সমগ্ৰ ৰাজ্যৰ লগতে দেওবাৰে বৰপেটা সত্ৰতো পালন কৰা হৈছে পৱিত্ৰ ৰাস পূৰ্ণিমা ৷ বৰপেটা সত্ৰৰ দালানৰ সন্মুখত পৱিত্ৰ ৰাস পূৰ্ণিমাৰ নিশা সৃষ্টি হয় বৃন্দাবন সদৃশ পৰিৱেশ । কৃষ্ণ প্ৰেম আৰু আধ্যাত্মিক ভাৱনাত মগন হৈ পৰিছে বৰপেটা সত্ৰবাসী ৷ 

কৃষ্ণভক্তিত বিলীন গোপিনীসকলে সত্ৰৰ দালানৰ সন্মুখত ভাগ লৈছে ৰাস নৃত্যত ৷ উল্লেখ্য যে, বৰপেটা সত্ৰৰ আইসকলে পৰম্পৰাগতভাৱে বৰপেটা সত্ৰত ৰাস পূৰ্ণিমা পালন কৰি আহিছে ৷ ৰাস পূৰ্ণিমা উপলক্ষে আইসকলৰ নামৰ লগতে বৰপেটা সত্ৰৰ দালানৰ সন্মুখত দেওবাৰে গোপিনীসকলে অংশ লৈছে ৰাস নৃত্যত। বৰপেটা সত্ৰৰ দক্ষিণহাটী, উত্তৰহাচী আৰু নহাটীৰ, তিনিহাটীৰ বাপ বান্ধৱসকলে আয়োজন কৰা ৰাসত সত্ৰনগৰীৰ অসংখ্য ভক্ত দৰ্শনাৰ্থীয়ে ভিৰ কৰে ।

লগতে পঢ়ক: আৰম্ভ হ’ল 66 সংখ্যক ছয়গাঁও চম্পকনগৰ সাৰ্বজনীন ৰাস মহোৎসৱখনি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.