Extra Marital Affair: বিবাহ বহিৰ্ভূত প্ৰেমৰ বাবে ৰাজপথত স্বামী-স্ত্ৰীৰ দুৰ্বাদল কাজিয়া - Extra Marital Affair
🎬 Watch Now: Feature Video

মৰাণ, 14 মে’: চৰাইদেউ জিলাৰ সোণাৰিত বিবাহ বহিৰ্ভূত প্ৰেমৰ সন্দেহত ভয়ংকৰ পৰিণতি সংঘটিত হৈছে (Extra Marital Affair)৷ সোণাৰিৰ ৰাজপথত দুই শিক্ষক স্বামী-স্ত্ৰীৰ দুৰ্বাদল কাজিয়া ৷ শিক্ষক স্বামীয়ে চুলিত ধৰি আঁজুৰিলে শিক্ষয়িত্ৰী পত্নীক ৷ পত্নীৰ অন্য পুৰুষৰ লগত সম্পৰ্ক থকাৰ সন্দেহ স্বামীৰ ৷
শনিবাৰে চৰাইদেউ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখতে স্বামীয়ে হাতে-লোটে ধৰা পেলাই পত্নীৰ লগতে অবৈধ প্ৰেমিকক (Quarrel between husband and wife at Sonari)৷ তাৰ পিচতেই সংঘটিত হয় এই ঘটনাৰ ৷ স্বামী স্ত্ৰীৰ কাজিয়া দেখি প্ৰত্যক্ষদৰ্শী লোকসহ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ কাজিয়া ভাঙিবলৈ চেষ্টা কৰে ৷ ইফালে স্বামী-স্ত্ৰীৰ কাজিয়া দেখি নেন' গাড়ী লৈ পলায়ন কৰিলে অবৈধ প্ৰেমিক।
ইয়াৰ পূৰ্বেও সোণাৰিৰ ৰাজপথত এইহাল শিক্ষক স্বামী-স্ত্ৰীৰ কাজিয়া দেখা গৈছিল ৷ এই ঘটনাই সচেতন লোকসকলক বাৰুকৈয়ে চিন্তিত কৰি তুলিছে ৷
লগতে পঢ়ক : Youth Attacked police: কেমেৰাৰ সন্মুখতেই আৰক্ষী বিষয়াক প্ৰচণ্ড ঘোচা যুৱকৰ