Python rescued: কদমতল চকত মৃত অজগৰ উদ্ধাৰ

By ETV Bharat Assamese Team

Published : Sep 12, 2023, 10:00 PM IST

thumbnail

বাক্সা, ১২ চেপ্তেম্বৰ : বাক্সা জিলাৰ কদমতল চকৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত মঙলবাৰে পুৱা এডাল মৃত অজগৰ উদ্ধাৰ হয় ৷  ৰাষ্ট্ৰীয় ঘাইপথত উদ্ধাৰ হোৱা মৃত অজগৰটো পথ পাৰ হ’বলৈ মৃত্যু হোৱা বুলি ৰাইজে আশংকা কৰিছে ৷ প্ৰত্যক্ষদৰ্শী ৰাইজে কোৱা অনুসৰি, ধাননি পথাৰৰ পৰা আহি ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হ’বলৈ যাওঁতেই চলন্ত গাড়ীয়ে চেপাৰ ফলত মৃত্যু হয় ৷  ইপিনে এই ঘটনাটোৰ খবৰ পাই পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ কেইবাগৰাকী ছাত্ৰই সেই স্থানত উপস্থিত হৈ মৃত অজগৰ সাপডাল বিশ্ব বিদ্যালয়ত সংৰক্ষণ কৰিবলৈ লৈ যায় ৷ 

প্ৰায় দহ ফুট দীঘল মৃত সাপডালৰ ওজন প্ৰায় ১৫ কিঃগ্ৰাম ৷ উল্লেখ্য যে, অঞ্চলটোত আৰু বহু অজগৰ সাপ বিচৰণ কৰি থাকে বুলি ৰাইজে জানিবলৈ দিয়ে ৷ 

লগতে পঢ়ক: Theft incident in Post office: ডাকঘৰৰ তলা ভাঙি চোৰে লুটিলে গ্ৰাহকৰ 1 লাখ 72 হাজাৰ টকা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.