thumbnail

By

Published : Aug 1, 2023, 7:07 PM IST

ETV Bharat / Videos

Python Rescued: নলবাৰীৰ আদাবাৰীত এডাল প্ৰকাণ্ড অজগৰ উদ্ধাৰ

নলবাৰী, 1 আগষ্ট : মঙলবাৰে নলবাৰী জিলাৰ আদাবাৰীত এডাল প্ৰকাণ্ড অজগৰ সাপ উদ্ধাৰ কৰা হয় ৷ আদাবাৰী গাঁৱৰ ছফেদ আলী নামৰ লোকজনৰ ঘৰৰ পিচফালে থকা এডাল বাঁহগছত অজগৰডাল প্ৰত্যক্ষ কৰে স্থানীয় লোকে ৷ অজগৰডাল প্ৰত্যক্ষ কৰাৰ লগে লগে অঞ্চলটোত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় ৷ 

জানিব পৰা মতে দুপৰীয়াৰ ভাগত ছফেদ আলী নামৰ লোকজনে বাৰীৰ পিচফালে যোৱাত বাঁহ গছত প্ৰকাণ্ড অজগৰডাল প্ৰত্যক্ষ কৰি গাঁওবাসীক অৱগত কৰোৱাত স্থানীয় লোকে বাঁহ গছৰ পৰা অজগৰডাল উদ্ধাৰ কৰে ৷ সম্প্ৰতি অজগৰডাল আদাবাৰী পহৰা চকী আৰক্ষীক চমজাই দিয়ে ৷  

অজগৰডালৰ ওজন প্ৰায় 15 কিলোগ্ৰাম হ’ব বুলি জানিবলৈ দিয়ে প্ৰত্যক্ষদৰ্শীয়ে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ অজগৰডাল উদ্ধাৰ কৰি লৈ যায় ৷

লগতে পঢ়ক: Red caterpillars terror: বিছাই জ্বলা-কলা খুৱাইছে মৰাপাট খেতিয়কক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.