কলিয়াবৰৰ ৰাষ্ট্ৰীয় ঘাইপথত নিশা প্ৰকাণ্ড অজগৰ

By

Published : Sep 15, 2022, 12:22 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail

নগাঁৱৰ কলিয়াবৰত নিশা ৰাজপথ পাৰ হ'বলৈ চেষ্টা কৰিছে এটা প্ৰকাণ্ড অজগৰে (Python crosses highway at night in Kaliabor)। দুয়ো দিশৰ পৰা দ্ৰুত গতিত আহি আছে বাছ, ট্ৰাক আৰু আন আন বাহনসমূহ । অজগৰটোৱে পথটো পাৰ হোৱাৰ সময়ত বাহনৰ গতি কমোৱা নাই বহু চালকে । অজগৰটো দেখিও যেন কোনো ভ্ৰূক্ষেপ নাই একাংশ লোকৰ । পথ পাৰ হোৱা অজগৰটোৰ নিচেই কাষেৰেই বাহন পাৰ হৈ গৈছে । অকণমান ইফাল সিফাল হ'লেই অজগৰটোৰ গাৰ ওপৰেৰে উঠিব পাৰে বাহনৰ চকা (Huge python on NH in Kaliabor)। সেই সময়তে কেইজন মান প্ৰকৃতিপ্ৰেমী লোকে চিঞৰিছে । এজন যুৱকে আকৌ আগবাঢ়ি আহি পথৰ দুয়োকাষৰ বাহনবোৰক ৰ'বলৈ সংকেত দিয়ে । অৱশেষত কোনো হানি নোহোৱাকৈ অজগৰটো ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি হাবিলৈ সোমাই গৈছে । এই সমগ্ৰ দৃশ্য বন্দী হৈছে এজন যুৱকৰ ম'বাইল ফোনত (Video of python crossing highway in Kaliabor)। এই দৃশ‍্য জখলাবন্ধাৰ হাস্পতাল চাৰিআলিৰ । ভিডিঅ'টো সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ।

Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.