World Honey Day: বিশ্ব মৌ দিৱসৰ দিনাই পূৰবী মৌ মুকলি - বিশ্ব মৌ দিৱসৰ দিনাই পূৰবী মৌ মুকলি
🎬 Watch Now: Feature Video
গুৱাহাটী, ২০ মে : WAMUL আৰু নৱ মিলন বি কীপাৰ্ছ এণ্ড প্ৰডিউচাৰ্চ কোপাৰেটিভ চছাইটি লিমিটেডেৰ উদ্যোগত পাঞ্জাবাৰীৰ পূৰবী ডেইৰীৰ চৌহদত শনিবাৰে উদযাপন কৰা হয় বিশ্ব মৌ দিৱস (Celebrating World Honey Day) । বিশ্ব মৌ দিৱসৰ লগত সংগতি ৰাখি WAMUL য়ে আনুষ্ঠানিকভাৱে মুকলি কৰে পূৰবী মৌ (Purabi honey launch on World Honey Day) ।
অনুষ্ঠানত অংশগ্ৰহণ কৰি নেশ্যনেল ডেইৰী ডেভেলপমেন্ট বৰ্ডৰ মহাপ্ৰবন্ধক এছ কে পাৰিদাই কয় যে কামৰূপ জিলাত মৌ পালক আৰু উৎপাদক সংগঠনত WAMUL ৰ উল্লেখযোগ্য অৱদান আছে । পূৰবী ডেইৰীয়ে কামৰূপ জিলাত এটা মৌ-পালক আৰু উৎপাদক সংগঠন গঠন কৰিছে (World Honey Day) ।
১০৪ গৰাকী সদস্যৰে গঠিত নৱ মিলন বি কীপাৰ্ছ এণ্ড প্ৰডিউচাৰ্চ কোপাৰেটিভ ছচাইটি লিমিটেডে ৬৫০ কিলোগ্ৰাম মৌ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে । সমবায় নেটৱৰ্কটোৱে মৌ উৎপাদনৰ জৰিয়তে কৃষকৰ উপাৰ্জন বৃদ্ধি কৰাৰ সুযোগ প্ৰদান কৰিছে । উচ্চ মানৰ প্ৰাকৃতিক মৌ জাতীয় সামগ্ৰীৰ ক্ৰমবৰ্ধমান চাহিদা পূৰণ কৰিব পৰাকৈ প্ৰস্তুত কৰি তোলা পূৰবী মৌ ১২৫ গ্ৰাম আৰু ২৫০ গ্ৰামৰ পেকট পোৱা যাব ।
লগতে পঢ়ক: Poor condition of school: শিক্ষাখণ্ডৰ ফোঁপোলা স্বৰূপ; শ্ৰেণীকোঠাত নহয় ৰান্ধনীশালত পাঠদান শিক্ষীৰ্থীক