পথ নিৰ্মাণৰ বাবে নিজে ওলাই আহিল স্থানীয় ৰাইজ
🎬 Watch Now: Feature Video
ৰাইজে নখ জোকাৰিলে নৈ বয় ৷ এই কথাকে পুনৰ প্ৰমাণ কৰি দেখুৱালে ৰঙিয়াৰ হাছানটুকতবাসীয়ে ৷ পথ নিৰ্মাণৰ বাবে নিজে ওলাই আহিল এইসকল লোক (Road construction at Rangia ) ৷ ৰঙিয়াত কিছুদিন পূৰ্বে হোৱা প্ৰলয়ংকাৰী বানপানীত অঞ্চলটোৰ অন্যতম মূল যোগাযোগৰ পথটো ভাঙি বিধ্বস্ত হোৱাৰ ফলত যাতায়ত কৰোতে দুৰ্ভোগ ভুগিবলগীয়া হৈছে গাওঁবাসীয়ে ৷ বানপানীত উটি যোৱাৰ পিছত মূল পথছোৱাৰ সলনি এতিয়া ভাঙি যোৱা স্থানত সৃষ্টি হৈছে এটা পুখুৰীৰ (Flood damages in Rangia)। দৈনিক কামৰ লগতে বজাৰলৈ যোৱা লোকসকল বা ছাত্ৰ-ছাত্ৰী সকলে বিদ্যালয়লৈ অহা যোৱা কৰাটো বিপদসংকুল হৈ পৰিছে ৷ ইয়াৰোপৰি অঞ্চলটোত জৰুৰীকালীন সেৱাৰ গাড়ী সমুহো অহাৰ ক্ষেত্ৰত পথটোৱে বাধাৰ সৃষ্টি কৰিছে ৷ গতিকে ৰাইজে নিজে শ্ৰমদান কৰি মূল পথছোৱাৰ কাষেৰে এটি উপপথ সাজি উলিয়াইছে ৷ স্থানীয় ৰাইজে স্থানীয় বিধায়ক তথা চৰকাৰ প্ৰশাসনক অনতিপলমে পথটো মেৰামতি কৰি দিবলৈ অনুৰোধ জনায় ৷
Last Updated : Feb 3, 2023, 8:24 PM IST