ETV Bharat / bharat

পবিত্ৰ মাৰ্ঘেৰিটাই উদ্বোধন কৰে তৃতীয় এছিয়ান-ভাৰত সংগীত মহোৎসৱ - 3RD ASEAN INDIA MUSIC FESTIVAL

উদ্বোধন হ’ল তৃতীয় এছিয়ান-ভাৰত সংগীত মহোৎসৱৰ ৷ এই অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ৷

3rd ASEAN India Music Festival
তৃতীয় এছিয়ান-ভাৰত সংগীত মহোৎসৱ উদ্বোধন (@PmargheritaBJP)
author img

By ANI

Published : Nov 30, 2024, 7:33 AM IST

নতুন দিল্লী : কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই শুকুৰবাৰে দিল্লীত তৃতীয় এছিয়ান-ভাৰত সংগীত মহোৎসৱৰ শুভাৰম্ভ কৰে ।

দৰ্শকৰ সন্মুখত দিয়া ভাষণত মন্ত্ৰী মাৰ্ঘেৰিটাই কয়, "সংগীত হৈছে প্ৰেৰণাদায়ক এক সাৰ্বজনীন ভাষা । আজিৰ এই অনুষ্ঠানটো অতি বিশেষ ৷ কাৰণ আমি এই অনুষ্ঠানটো এনে এটা অঞ্চলৰ সংগীত শুনিবলৈ সুযোগ পাইছো ৷ যাৰ সৈতে আমি গভীৰ সভ্যতাৰ বান্ধোন ভাগ কৰি লওঁ । আমি ভাষা, সাহিত্য, সাংস্কৃতিক অনুশীলন, ৰামায়ণ আৰু মহাভাৰতৰ কাহিনী, জাতক, বৌদ্ধ ধৰ্ম, শিল্প, স্থাপত্য আনকি উৎসৱৰ কাহিনীও ভাগ-বতৰা কৰো ।’’

MoS Margherita inaugurates 3rd ASEAN-India Music Festival
তৃতীয় এছিয়ান-ভাৰত সংগীত মহোৎসৱ উদ্বোধন (ANI)

তেওঁ উপস্থিত ৰাইজক উদ্দেশ্যি কয় যে ২০২৪ চন ভাৰতৰ এক্ট ইষ্ট পলিচিৰ এক দশক (India's Act East Policy), যিটো ২০১৪ চনত এছিয়ান-ভাৰত সন্মিলনত প্ৰধানমন্ত্ৰী মোদীয়ে ঘোষণা কৰিছিল ।

মন্ত্ৰীগৰাকীয়ে লগতে কয়, “এছিয়ান দেশ আৰু ভাৰতৰ মাজত শক্তিশালী কৰাৰ বাবে ১০ দফীয়া কাৰ্যসূচীৰ অংশ হিচাপে ২৪ অক্টোবৰত, Laos PDR ৰ ভিয়েন্টিয়ানত অনুষ্ঠিত হোৱা ২১ সংখ্যক আছিয়ান সন্মিলনত সন্মানীয় প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় সংগীত মহোৎসৱ ঘোষণা কৰিছিল ।” এই অনুষ্ঠানত ASEAN ৰ সদস্য দেশৰ ৰাষ্ট্ৰদূতকে ধৰি শীৰ্ষ বিষয়াসকলে অংশগ্ৰহণ কৰে ।

কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই X ত সংগীত মহোৎসৱৰ সবিশেষও শ্বেয়াৰ কৰি কয়, "আজি এক্ট ইষ্ট পলিচিৰ ১০ বছৰীয়া স্মৃতিত তৃতীয় এছিয়ান-ভাৰত সংগীত মহোৎসৱ উদ্বোধন কৰা হয় ৷ লগতে ASEAN অঞ্চল আৰু ভাৰতৰ বেণ্ডসমূহৰ অবিশ্বাস্য পৰিৱেশনৰ সাক্ষী হয় ৷ এছিয়ান দেশসমূহৰ সৈতে সভ্যতামূলক সংযোগৰ ভিত্তিত আয়োজন কৰা হয় এই উৎসৱ ৷’’

শেহতীয়াকৈ ভাৰত আৰু ASEAN ৰ মাজত কেইবাখনো উচ্চ পৰ্যায়ৰ আলোচনা হৈছে । অক্টোবৰ মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২১ সংখ্যক ভাৰত-এছিয়ান সন্মিলনত অংশগ্ৰহণ কৰিবলৈ লাওছলৈ গৈছিল । শীৰ্ষ সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে একবিংশ শতিকাক "এছিয়ান শতিকা" আখ্যা দি কয় যে এছিয়াৰ ভৱিষ্যত গঢ় দিয়াৰ বাবে ভাৰত-এছিয়ান সম্পৰ্ক গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰিছিল ।’’

শেহতীয়াকৈ বৈদেশিক মন্ত্ৰী এছ. জয়শংকৰে নৱেম্বৰৰ আৰম্ভণিতে ASEAN-India Network of Think Tanks বুলি অষ্টম ৰাউণ্ডটেবুলত মুখ্য ভাষণ প্ৰদান কৰিছিল ।’’ (ANI)

লগতে পঢ়ক : গোদাৱৰীৰ প্ৰদূষণে বংগোপসাগৰত হ্ৰাস কৰিছে অক্সিজেন; গৱেষণাত প্ৰকাশ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.