ETV Bharat / state

ভাৰত-বাংলাদেশ সীমান্তত অপৰাধ-প্ৰব্ৰজন ৰোধৰৰ বাবে কৃত্ৰিম বুদ্ধিমত্তাৰ সহায় ল'ব বি এছ এফে - INDO BANGLADESH BORDER IN ASSAM

সীমান্তত অপৰাধ ৰোধ কৰা আৰু অবৈধ প্ৰব্ৰজন বন্ধ কৰাৰ বাবে বিজ্ঞান-প্ৰযুক্তিৰ আধুনিক আধুনিক কৌশল, সঁজুলি ব্যৱহাৰ কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে ।

Indo Bangladesh Border in Assam
কৃত্ৰিম বুদ্ধিমত্তাৰ সহায় ল'ব বি এছ এফে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 30, 2024, 7:08 AM IST

গুৱাহাটী : সীমা সুৰক্ষা বাহিনীয়ে (বি এছ এফ) কৃত্ৰিম বুদ্ধিমত্তা চমুকৈ এ আইৰ সহায়ত ভাৰত-বাংলাদেশ সীমান্তত অপৰাধ ৰোধ কৰা আৰু অবৈধ প্ৰব্ৰজন বন্ধ কৰাৰ বাবে পৰিকল্পনা গ্ৰহণ কৰিছে । লগতে সীমান্তত অপৰাধ ৰোধ কৰাৰ বাবে বি এছ এফত মহিলা কনিষ্টবলৰ সংখ্যা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । বি এছ এফৰ গুৱাহাটী ফ্ৰণ্টিয়াৰৰ ডি আই জি হৰমিৎ সিঙে গুৱাহাটীত শুকুৰবাৰে অনুষ্ঠিত এক সংবাদমেলত এই কথা সদৰী কৰে ।

তেওঁ কয়, "সীমান্তত বিভিন্ন প্ৰত্যাহ্বানৰ মাজেৰে অতি সাহসিকতাৰে বি এছ এফে কৰ্তব্য পালন কৰি আহিছে । বিজ্ঞান-প্ৰযুক্তিৰ উন্নয়নৰ লগে লগে অপৰাধীৰ কৌশল সলনি হৈছে । সীমান্তত অপৰাধ ৰোধ কৰা আৰু অবৈধ প্ৰব্ৰজন বন্ধ কৰাৰ বাবে বিজ্ঞান-প্ৰযুক্তিৰ আধুনিক আধুনিক কৌশল, সঁজুলি ব্যৱহাৰ কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে । সেই দিশৰ প্ৰতি লক্ষ্য ৰাখি বি এছ এফে নতুন প্ৰকল্প হিচাপে সীমান্তত কৃত্ৰিম বুদ্ধিমত্তা আৰু মহিলা কনিষ্টবল বৃদ্ধিৰ দুটা কাৰ্যপন্থা পৰিকল্পনা কৰিছে ।" বৰ্তমান এয়া প্ৰাৰম্ভিক পৰ্যায়ত আছে বুলি ডি আই জি হৰমিৎ সিঙে কয় ।

বি এছ এফৰ সংবাদমেল (ETV Bharat Assam)

বি এছ এফৰ কি এই কৃত্ৰিম বুদ্ধিমত্তাৰ পৰিকল্পনা

বি এছ এফৰ এগৰাকী উচ্চ পদস্থ বিষয়াই জনাই যে সীমান্তত অপৰাধীক চিনাক্ত আৰু সীমান্তত অনুপ্ৰৱেশকাৰী চিনাক্ত কৰাৰ বাবে কিছুমান কেমেৰা স্থাপন‌ কৰা হয় । ‌লগতে এই কেমেৰাবোৰ পৰিচালনা কৰাৰ বাবে নিৰ্দিষ্ট নিয়ন্ত্ৰণ কক্ষ (Control room) থাকে । এইবোৰ এ আই ভিত্তিক কৰাৰ বাবে পৰিকল্পনা কৰা‌ হৈছে । এ আই প্ৰযুক্তি উদ্ভাৱনৰ ক্ষেত্ৰত গুৱাহাটী আই‌ আই টিৰ সহায় লোৱা‌ হৈছে । এই‌ সন্দৰ্ভত এক প্ৰতিবেদন‌ প্ৰস্তুত কৰি নতুন দিল্লীত থকা গৃহ মন্ত্ৰণালয়ক প্ৰেৰণ কৰা হৈছে ।

তেওঁ কয়, "এ আই প্ৰযুক্তিযুক্ত কেমেৰা, নিয়ন্ত্ৰণ কক্ষ আৰু আন ডিজিটেল ডিভাইচৰ সহায়ত সীমান্তত অপৰাধ ৰোধ আৰু অবৈধ প্ৰব্ৰজন নিয়ন্ত্ৰণ কৰিব পৰা‌ যাব ।"

কিয় বৃদ্ধি কৰিব বি এছ এফৰ মহিলা কনিষ্টবল

ডি আই জি হৰমিৎ সিঙে কয় যে সীমান্তত অপৰাধ নিয়ন্ত্ৰণৰ বাবে মহিলা কনিষ্টবল অধিক নিয়োগ কৰাৰ পৰিকল্পনা কৰা হৈছে । এই সন্দৰ্ভত বি এছ এফৰ এগৰাকী উচ্চ পদস্থ বিষয়াই জনায় যে সীমান্তত মহিলাসকলৰ জৰিয়তে অধিক অবৈধ সামগ্ৰী সৰবৰাহ হয় ।

সীমান্ত গাঁৱত দিনৰ ভাগত কাম কৰিবলৈ অহা একাংশ‌ মহিলাই তেওঁলোকে পৰিধান কৰা কাপোৰৰ মাজত অবৈধ ড্ৰাগছ জাতীয় সামগ্ৰী সৰবৰাহ কৰে । এই ক্ষেত্ৰত পুৰুষ বি এছ এফ কনিষ্টবলে তেওঁলোকক পৰীক্ষা কৰিব নোৱাৰে । সেয়ে সীমান্তত অধিক মহিলা‌ কনিষ্টবল নিয়োগ কৰাৰ চিন্তা-চৰ্চা কৰা‌ হৈছে ।

সীমান্তত বৃদ্ধি অবৈধ সৰবৰাহ

বি এছ এফৰ গুৱাহাটী ফ্ৰণ্টিয়াৰৰ ছেকণ্ড কমাণ্ডেণ্ট মনোজ যাদৱে সংবাদমেলত সদৰী কৰা তথ্য মতে, ভাৰত-বাংলাদেশ ‌সীমান্তত গৰুৰ চোৰাং সৰবৰাহ, ফ্ৰেন্সিডাইল আৰু চেনিৰ সৰবৰাহ বৃদ্ধি পাইছে । বি এছ এফৰ গুৱাহাটী ফ্ৰণ্টিয়াৰৰ তথ্য মতে, বিগত ২০২৩ চনত সীমান্তত ৫,৬৯৫ টা‌ গৰু জব্দ কৰাৰ বিপৰীতে ২০২৪ চনত ৬,০৮২ গৰু জব্দ কৰা হৈছে ।

আনহাতে, বিগত ২০২৩ চনত সীমান্তত ২১,১৬৫ টা ফ্ৰেন্সিডাইল জব্দ কৰাৰ বিপৰীতে ২০২৪ চনত ৬৮,৮৫১ টা ফ্ৰেন্সিডাইল জব্দ কৰা হৈছে । ইফালে বিগত ২০২৩ চনত সীমান্তত ১,০৪,৭৮৬ কিলোগ্ৰাম চেনি জব্দ কৰাৰ বিপৰীতে ২০২৪ চনত ১,৮৬,৫৬০ কিলোগ্ৰাম চেনি জব্দ কৰা হৈছে ।

বি এছ এফৰ গুৱাহাটী ফ্ৰণ্টিয়াৰৰ তথ্য মতে, ‌২০২৩ চনত অবৈধভাবে সীমান্ত পাৰ হোৱাৰ চেষ্টা কৰা‌ আৰু সীমান্ত পাৰ কৰা ৪৭ গৰাকী বাংলাদশী‌ নাগৰিক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে ২০২৪ চনত ৩৫ গৰাকী বাংলাদশী‌ নাগৰিক গ্ৰেপ্তাৰ কৰা হৈছে ।

বি এছ এফৰ গুৱাহাটী ফ্ৰণ্টিয়াৰৰ ছেকণ্ড কমাণ্ডেণ্ট মনোজ যাদৱে জনায় যে বি এছ এফৰ গুৱাহাটী ফ্ৰণ্টিয়াৰে ভাৰত-বাংলাদেশৰ ৫০৯ কিলোমিটাৰ সীমান্ত এলেকা সামৰে । এই এলেকাৰ‌ ভিতৰত পশ্চিমবংগৰ কোচবিহাৰ ‌জিলা আৰু অসমৰ ধুবুৰী আৰু দক্ষিণ শালমাৰা‌ মানকাচৰ আছে ।

লগতে পঢ়ক :বিধায়ক পদৰ শপত গ্ৰহণ কৰিলে নৱনিৰ্বাচিত পাঁচগৰাকী বিধায়কে
লগতে পঢ়ক :বতাহত উৰিছে অচিন কীট; বিষাক্ত দংশনত এজনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.