Public protest in Lakhimpur: পথ নিৰ্মাণৰ দাবীত খলিহামাৰীত ৰাইজৰ প্ৰতিবাদ - Dilapidated road in Lakhimpur
🎬 Watch Now: Feature Video
ৰাজ্য চৰকাৰে ৰাজ্যৰ বাট-পথৰ উন্নয়ন হৈছে বুলি ঢাক-ঢোল বজালেও এতিয়াও ৰাজ্যৰ বহু গুৰুত্বপূৰ্ণ বাট-পথৰ অৱস্থা অতি শোচনীয় হৈ আছে । ফলত বিধ্বস্ত পথেৰেই ৰাইজে যাতায়াত কৰিবলগীয়া হৈছে । লখিমপুৰ জিলাতো একেই ছবি প্ৰতিফলিত হোৱাত ৰাইজ ক্ষুব্ধ হৈ পৰিছে । তেনে এটি পথে জ্বলাকলা খুৱাইছে বিহপুৰীয়া বিধানসভা সমষ্টিৰ একাংশ ৰাইজক । লখিমপুৰ জিলাৰ নাৰায়ণপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত এটি পথে ৰাইজক জ্বলা-কলা খুৱাইছে (Dilapidated road in Lakhimpur)৷
সমষ্টিটোৰ ধলপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ২ নং খলিহামাৰীৰ গুৰুত্বপূৰ্ণ পথটোৱে ৰাইজক জ্বলাকলা খুৱাই আহিছে ৷ সেইবাবে বাৰিষাৰ পূৰ্বেই পথটো মেৰামতি কৰাৰ দাবীত দেওবাৰে পথটোত শতাধিক গাঁৱৰ ৰাইজ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে (Public protest for road construction at Narayanpur) ৷ শিমলুগুৰি-হাৱাজান সংযোগী গড়কাপ্তানী পথৰ পৰা ২ নং খলিহামাৰী হৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী এই পথটোৰ জৰাজীৰ্ণ ৰূপৰ বাবে ছাত্ৰ-ছাত্ৰী,পথচাৰীৰ লগতে স্থানীয় ৰাইজে হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে ৷
বিধ্বস্ত পথৰ বাবে বিভিন্ন সময়ত দূৰ্ঘটনা সংঘটিত হৈ আহিছে বুলি কয় ক্ষুব্ধ প্ৰতিবাদকাৰী ৰাইজে ৷ আজি ৰাইজে এই পথটোতেই " আমাক পথ লাগিবই", "বাৰিষাৰ পূৰ্বে পথ নিৰ্মাণ কৰক", "ৰাইজৰ সমস্যা সমাধান কৰক" আদি বিভিন্ন শ্ল'গানেৰে সমগ্ৰ পৰিবেশ উত্তাল কৰি তোলে ৷ পথচোৱা অতি শীঘ্ৰে মেৰামতি নকৰিলে ভয়ংকৰ দূৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰকাশ কৰিছে প্ৰতিবাদকাৰী ৰাইজে ৷
ৰাইজে অভিযোগ উত্থাপন কৰি কয় যে বিগত সময়ত জনপ্ৰতিনিধি বা বিভাগীয় কৰ্তৃপক্ষক এই পথটোৰ মেৰামতি কৰিবলৈ বাৰম্বাৰ আবেদন, নিবেদন জনাই আহিছে যদিও আজি পৰ্যন্ত কোনো সুফল নাপালে ৷ পুনৰ পথচোৱা নিৰ্মাণ কৰিবলৈ চৰকাৰক দাবী জনাইছে ৰাইজে ৷ যদিহে চৰকাৰে কোনো ব্য়ৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে প্ৰতিবাদ তীব্ৰতৰ কৰি তুলিব বুলি ৰাইজে হুংকাৰ দিয়ে । পথচোৱাৰে প্ৰতিদিনেই যাতায়ত কৰে কেইবাখনো বিদ্যালয়ৰ লগতে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ।