Public Protest in Manikpur: উপ-জিলাৰ দাবীত মাণিকপুৰত ৰাইজৰ প্ৰতিবাদ - Public protest demanding sub district in Manikpur
🎬 Watch Now: Feature Video
Published : Aug 29, 2023, 4:32 PM IST
মাণিকপুৰ,29 আগষ্ট: মাণিকপুৰত ৰাজপথ অৱৰোধ কৰি ৰাইজৰ প্ৰতিবাদ ৷ মাণিকপুৰ সমষ্টি অক্ষুণ্ণ ৰাখি উপ-জিলা ঘোষণাৰ দাবী ৰাইজৰ । কাৰণ বঙাইগাঁও জিলাৰ মাণিকপুৰক পূৰ্বে এটা সমষ্টি হিচাপে ঘোষণা কৰিছিল যদিও পৰৱৰ্তী সময়ত মাণিকপুৰৰ নাম কৰ্তন কৰি সৃজনগ্ৰাম সমষ্টি হিচাপে ঘোষণা কৰা হ’ল ৷ নতুনকৈ ঘোষণা হোৱা সমষ্টিৰ লগতে আন আন সমষ্টি লৈ মুঠ 81 খন সমষ্টিক উপ-জিলা হিচাপে ঘোষণা কৰে ৰাজ্য চৰকাৰৰে ৷ ফলত মাণিকপুৰবাসী ৰাইজৰ মাজত অসন্তুষ্টিয়ে দেখা দিছে ৷
মাণিকপুৰক পূৰ্বে ঘোষণা কৰা সমষ্টি হিচাপে অক্ষুণ্ণ ৰাখি উপ-জিলা ঘোষণা কৰাৰ দাবীত মঙলবাৰে প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে ৷ মাণিকপুৰৰ তিনিআলিত পথ অৱৰোধ কৰি চৰকাৰ বিৰোধী শ্লোগানৰে উত্তপ্ত কৰি তোলে প্ৰতিবাদস্থলী ৷ শীঘ্ৰেই মাণিকপুৰ সমষ্টি অক্ষুণ্ণ ৰাখি উপ-জিলা হিচাপে ঘোষণা কৰক আদি দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷