thumbnail

By ETV Bharat Assamese Team

Published : Jan 11, 2024, 4:53 PM IST

ETV Bharat / Videos

তিতাবৰত আৰক্ষী মুৰ্দাবাদ ধ্বনি, দীপাংকৰ গগৈৰ মৃত্যুৰ ন্যায় বিচাৰি প্ৰতিবাদ

যোৰহাট, 11 জানুৱাৰী : তিতাবৰৰ ৰাজপথত আৰক্ষী মুৰ্দাবাদ ধ্বনি ৷ দীপাংকৰ গগৈ নামৰ যুৱকজনৰ মৃত্যুৰ ন্যায় বিচাৰি তিতাবৰ ষ্টেচন তিনিআলিত কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি বিভিন্ন সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচী ৷ যোৰহাটৰ আৰক্ষী অধীক্ষক মোহনলাল মিনা, তিতাবৰ মহকুমা আৰক্ষী বিষয়া কাকলি পাটগিৰি আৰু আৰক্ষী বিষয়া লক্ষ্মণ কুমাৰ দাসৰ নিলম্বনৰ দাবী তুলি এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে বিভিন্ন দল-সংগঠন তথা ৰাইজে ৷  

প্ৰতিবাদত অংশগ্ৰহণ কৰি অভিযুক্ত আৰক্ষী বিষয়াক নিলম্বন নকৰাকৈ কৰা তদন্তক এক ভেকোভাওনা আখ্যা দিয়ে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা নেতা বিদ্যুৎ শইকীয়াই ৷ উল্লেখযোগ্য যে আৰক্ষীৰ নিৰ্মম অত্যাচাৰৰ বাবেই তিতাবৰৰ যুৱক দীপাংকৰ গগৈয়ে আত্মহত্যা কৰিবলৈ বাধ্য হ’ল বুলি পৰিয়ালে অভিযোগ তুলি আৰক্ষী বিষয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল ৷ কিন্তু এতিয়াও আৰক্ষী তথা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰিছে যুৱকজনৰ পৰিয়ালে ৷

আজি তিতাবৰৰ ষ্টেচন তিনিআলিত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি সমগ্ৰ বিষয়টোত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে পৰিয়ালটোৱে ৷ আনহাতে এই প্ৰতিবাদীস্থলীত যোৰহাটৰ আৰক্ষী অধীক্ষক মোহন লাল মিনা , তিতাবৰ মহকুমা আৰক্ষী বিষয়া, তিতাবৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি উত্তাল কৰি তোলে প্ৰতিবাদকাৰীয়ে ৷ 

লগতে পঢ়ক : ভাৰত জোড়ো ন্যায় যাত্ৰাত বাধা বিজেপিৰ; নলবাৰীত ভূপেন বৰা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.