Poor road construction : শিমলুগুৰিত গুৰুত্বপূৰ্ণ পথে জলা-কলা খুৱাইছে সৰ্বসাধাৰণক - গুৰুত্বপূৰ্ণ পথে জ্বলা কলা খোৱাইছে সৰ্বসাধাৰণক
🎬 Watch Now: Feature Video
Published : Oct 8, 2023, 2:14 PM IST
|Updated : Oct 8, 2023, 2:30 PM IST
বিহপুৰীয়া, 8 অক্টোবৰ : লখিমপুৰ জিলাৰ নাৰায়ণপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত এটি গুৰুত্বপূৰ্ণ পথৰ বাবে সম্প্ৰতি ৰাইজে জলা-কলা খাইছে ৷ পুৰণা দাধৰাৰ পৰা উজনি বহুপথাৰ হৈ শিমলুগুৰি-হাৱাজান সংযোগী গুৰুত্বপূৰ্ণ পথটিয়ে ৰাইজক দীৰ্ঘদিন ধৰি জ্বলাকলা খুৱাই আহিছে ৷ বোকা, পানীৰ লগতে ভগ্ন বাঁহৰ দলঙৰ ওপৰেৰে মৰণত শৰণ দি যাতায়াত কৰি আহিছে স্থানীয় ৰাইজে ৷ ফলত ৰাইজ ভীষণ হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়াত পৰিছে ৷
পথ নিৰ্মাণৰ দাবীত দেওবাৰে গাঁৱৰ ৰাইজ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে ৷ 'আমাৰ পথ নিৰ্মাণ কৰক', 'আমাক পথ লাগিবই' আদি বিভিন্ন শ্ল'গানেৰে সমগ্ৰ পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীয়ে ৷ বিগত সময়ত জনপ্ৰতিনিধি আৰু বিভাগীয় কৰ্তৃপক্ষক পথটি নিৰ্মাণ কৰিবলৈ বাৰম্বাৰ আবেদন- নিবেদন জনাই আহিছে যদিও আজি পৰ্যন্ত কোনো সুফল নোপোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷
লগতে পঢ়ক: Minister ashok singhal in Tezpur : নামনি সোৱণশিৰি বান্ধ সন্দৰ্ভত জ্ঞাত নহয় মন্ত্ৰী অশোক সিংহল