Public protest at Kalgachia: বেকী নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ দাবীত ৰাইজৰ ধৰ্ণা - Public protest at Kalgachia
🎬 Watch Now: Feature Video
জনিয়া, 10 এপ্ৰিল : কলগাছিয়া চক্ৰ বিষয়াৰ কাৰ্যালয়ত সোমবাৰে ৰাইজে ধৰ্ণা কাৰ্যসূচী হাতত লয় । বেকী নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ দাবীত এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে তেওঁলোকে । চক্ৰ বিষয়াৰ জৰিয়তে জলসম্পদ মন্ত্ৰীলৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে ভূক্তভোগী জনতাই (Local demand prevention of erosion of beki river) ।
বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বলাইপাথাৰ, কাউৰজাহী, খাৰবাল্লী আৰু আমগুৰী আদি গাঁৱত খৰালীৰ সময়তো অব্যাহত আছে বেকী নদীৰ গৰাখহনীয়া । যোৱা বাৰিষাৰ পৰা বৰ্তমানলৈ কেইবাশ পৰিয়ালৰ ঘৰ-দুৱাৰৰ লগতে তিনিখনকৈ প্ৰাথমিক বিদ্যালয়, কেইবাটাও মোক্তৱ মাদ্ৰাছা আৰু শ শ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নদীৰ বুকুত জাহ গৈছে । উল্লেখ্য যে, বিগত এবছৰত যি সমূহ পৰিয়ালৰ ঘৰ-দুৱাৰ, খেতি-বাতি গৰাখহনীয়াত বিধ্বস্ত হৈছে; সেই পৰিয়ালসমূহৰ কোনো ধৰণৰ ক্ষতি পূৰণৰ ব্যৱস্থা আজিলৈকে গ্ৰহণ কৰা হোৱা নাই বুলি ভুক্তভোগী পৰিয়ালে অভিযোগ উত্থাপন কৰিছে (Kalgachia Beki river erosion) ।
সম্প্ৰতি বেকী প্ৰকল্পৰ নামত খহনীয়া প্ৰতিৰোধৰ বাবে শামুকীয়া গতিত যি কাম আৰম্ভ হৈছে সেই কামে খহনীয়াত আক্ৰান্ত খাৰবাল্লী, বলাইপাথাৰ, কাউৰজাহী আদি গাঁওবোৰক এতিয়াও ঢুকি পোৱা নাই (Erosion in Barpeta) । সেয়ে খহনীয়গ্ৰস্ত অঞ্চলৰ ৰাইজে সোমবাৰে কলগাছিয়া পাটবজাৰৰ পৰা কলগাছিয়া চাৰিআলি হৈ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে ৷ ইয়াৰ দ্বাৰা অসমৰ জলসম্পদ মন্ত্ৰীলৈ সাত দফীয়া দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে (Memorandum to water resource minister) ।
শীঘ্ৰে খহনীয়া প্ৰতিৰোধ কৰা, ক্ষতিগ্ৰস্ত পৰিয়ালক পুনৰ সংস্থাপন দিয়া, খহনীয়াত গৃহহাৰা হোৱা পৰিয়ালক পুনৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ প্ৰদান কৰা, খহনীয়াত ভূমিহীন হোৱা পৰিয়ালক কমেও ৬ বিঘাকৈ মাটি প্ৰদান কৰাৰ দাবী তোলে প্ৰতিবাদকাৰীয়ে ৷ ইয়াৰ লগতে নদীৰ পাৰে পাৰে দুয়ো কাষত খহনীয়া প্ৰতিৰোধ ব্যৱস্থা গঢ়ি তোলা, খহনীয়াগ্ৰস্ত পৰিয়ালৰ শিশুক পুষ্টিকৰ খাদ্য যোগান ধৰা আদি দাবীৰে আন্দোলনকাৰী সকলে পৰিৱেশ উত্তাল কৰি তোলে (Assam river erosion news)।
লগতে পঢ়ক : Erosion in Barpeta: বহৰিত গৰাখহনীয়া প্ৰতিৰোধৰ চেষ্টা স্থানীয় ৰাইজৰ