thumbnail

By

Published : Jan 4, 2023, 3:45 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

ETV Bharat / Videos

Protest at Bihpuria : হত্যাকাৰীক ফাঁচিৰ দাবীত উত্তাল হ’ল বিহপুৰীয়া আৰক্ষী থানাৰ চৌহদ

হত্যাকাৰীৰ ফাঁচিৰ দাবীত বুধবাৰে বিহপুৰীয়াত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় মহিলাসকলে (Protest at Bihpuria)৷ এগৰাকী নাৱালিকাক হত্যাৰ অভিযোগ উত্থাপন কৰি বিহপুৰীয়াৰ বিভিন্ন মহিলা সংগঠনৰ কৰ্মীয়ে বিহপুৰীয়া আৰক্ষী থানা(Bihpuria Police Station) চৌহদ ঘেৰাও কৰি পৰিৱেশ উত্তাল কৰি তোলে । উল্লেখযোগ্য যে সোমবাৰে নিশা বিহপুৰীয়া নগৰৰ সমীপৰ মৰণৈ গাঁৱত চিপ লোৱা অৱস্থাত জোৎস্না বেগম দাস(১৭) নামৰ এগৰাকী নাৱালিকা বোৱাৰীৰ মৃতদেহ বিহপুৰীয়া আৰক্ষীয়ে উদ্ধাৰ কৰে । ইয়াৰ পিছতেই ঘটনাৰ সন্দৰ্ভত প্ৰাথমিক তদন্ত কৰি আৰক্ষীয়ে ইয়াক হত্যাকাণ্ড বুলি সন্দেহ কৰে (Murder at Bihpuria)৷ লগে লগে আৰক্ষীয়ে মৃত জোৎস্নাৰ চৰাইদেউৰ সাপেখাটীৰ মাতৃগৃহত খবৰ দিয়াত পৰিয়ালবৰ্গ বিহপুৰীয়াত উপস্থিত হৈ স্থানীয় মহিলা সংগঠনসমূহৰ কাষ চাপে ৷ বুধবাৰে মহিলাসকলে বিহপুৰীয়া নগৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি হত্যাকাৰীক ফাঁচী দিয়াৰ দাবী জনায় । ইপিনে বিহপুৰীয়া আৰক্ষীয়ে হত্যাৰ অভিযোগত জোৎস্না বেগমৰ স্বামী ফাইজুল হকক গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰিছে ৷
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.