Illegal sand mining : চিমেন নদীত অবৈধ শিল-বালি খনন কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ - অবৈধ শিল বালি খনন কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ
🎬 Watch Now: Feature Video


Published : Nov 2, 2023, 1:56 PM IST
জোনাই, 2 নৱেম্বৰ : অসম অৰুণাচল সীমান্তৰ চিমেন নদীত দীৰ্ঘদিন ধৰি অবৈধভাৱে শিল, বালিৰ খনন কাৰ্য চলি আছে ৷ যাৰ ফলত চিমেন নদীৰ নামনি অংশত থকা ৰাইজৰ জীৱন-সম্পত্তিৰ নিৰাপত্তাৰ ক্ষেত্ৰত ভাবুকি আহি পৰিছে ৷ সেয়ে চিমেন নদীত চলি থকা এনে খনন কাৰ্য বন্ধ কৰিবলৈ বুধবাৰে প্ৰতিবাদত বহিল কেবাটাও সংগঠনৰ লগতে স্থানীয় বহু লোক ৷
বৃহত্তৰ চিমেন চাপৰি, চংকঙ অঞ্চলৰ ৰাইজৰ লগতে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ চিমেন চাপৰি আঞ্চলিক সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চিমেন চাপৰি আঞ্চলিক সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ চিমেন চাপৰি আঞ্চলিক সমিতি, অপৰাধ মুক্ত সমন্বয় সমিতিৰ আদি কেবাটাও সংগঠনৰ কৰ্মীয়ে সাব্যস্ত কৰে প্ৰতিবাদ ৷
আনকি প্ৰতিবাদকাৰীসকলে চিমেন নদীৰ অবৈধ শিল, বালি খনন বন্ধ কৰক, মাফিয়াৰ মইমতালি নচলিব, চিমেন নদীৰ নামনি অংশৰ জনগণৰ জীৱন-সম্পত্তি নিৰাপত্তা দিয়ক, শিল বালিৰ ছিণ্ডিকেট বন্ধ হ'ব লাগিব, আমাৰ দাবী মানিব লাগিব আদি শ্ল’গান দি প্ৰতিবাদস্থলী উত্তাল কৰি তোলে ।
এই প্ৰতিবাদস্থলীতেই জোনাই মহকুমা প্ৰশাসনৰ তৰফৰ পৰা জোনাই মহকুমা নিৰ্বাচনী বিষয়া আহি পৰিস্থিতি বুজ লোৱাৰ লগতে প্ৰতিবাদকাৰীৰ পৰা স্মাৰক পত্ৰ গ্ৰহণ কৰে ।