thumbnail

By

Published : Aug 23, 2022, 8:47 AM IST

Updated : Feb 3, 2023, 8:27 PM IST

ETV Bharat / Videos

কলগাছিয়াত নিয়মীয়া বিদ্যুৎ যোগানৰ দাবীত ৰাইজৰ প্ৰতিবাদ

বৰপেটা জিলাৰ কলগাছিয়াৰ বালাৰপাথাৰ গাঁৱত সোমবাৰে নিশা ৰাইজে সাব্যস্ত কৰিলে তীব্র প্ৰতিবাদ । নিয়মীয়াকৈ বিদ্যুৎ যোগান ধৰাৰ দাবীত(Protest for regular power supply in Kalgasia)ৰাইজে এইদৰে প্ৰতিবাদ জনায় । জিলাখনৰ জনীয়া সমষ্টিৰ অন্তৰ্গত তথা সৰভোগ বিদ্যুৎ উপ সংমণ্ডলৰ এলেকাধীন বালাৰপাথাৰ গাঁৱত ৰাইজে বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰে (Public protest against Electricity department in Kalgasia)। উল্লেখ্য যে বালাৰপাথাৰ গাঁওখনত দীৰ্ঘদিন ধৰি বিদ্যুতৰ সমস্যাত ভুগি আছে ৰাইজ । লগতে তিনিদিন ধৰি ছাইফুল,বাদশা, শ্বহিদুল আৰু চায়েদ নামৰ লোককেইজনে নিজৰ সুবিধাৰ্থে ধান বনা কল আৰু চিৰা খুন্দা কল চলোৱাৰ বাবে ২০-২৫ টা পৰিয়ালক অন্ধকাৰত ৰাখি বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰি দিয়ে । ফলত বালাৰপাথাৰৰ ৰাইজৰ গৰমত নাজল নাথল অৱস্থা হৈছে । তদুপৰি পোহৰৰ অভাৱত ছাত্ৰ ছাত্ৰীসকল সমস্যাৰ সন্মুখীন হৈছে । স্থানীয় ৰাইজে নিয়মীয়াকৈ বিদ্যুৎ বিচাৰি বাৰে বাৰে অনুৰোধ কৰাৰ পিছতো বিদ্যুৎ বিভাগে গুৰুত্ব নিদিয়াত উপায়ন্তৰ হৈ ৰাইজে তীব্র প্ৰতিবাদ সাব্যস্ত কৰি পৰিবেশ উত্তাল কৰি তোলে ।
Last Updated : Feb 3, 2023, 8:27 PM IST

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.