Poor road communication in Jonai: চিলাপথাৰৰ নৈপৰীয়াৰ ৰাইজৰ পথৰ বাবে হাহাকাৰ - Poor road communication in Jonai

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 20, 2023, 4:33 PM IST

জোনাই, ২০ জুলাই: ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে ডিজমুৰৰ পৰা মাজুলীলৈকে মথাউৰিটো এক্সপ্ৰেছ হাইৱেলৈ উন্নীতকৰণৰ কথা চৰকাৰে ঘোষণা  কৰিছে । পিছে এনে সময়তে চিলাপথাৰৰ নৈপৰীয়াৰ ৰাইজে পকী পথ নহয় ,এটা সামান্য যাতায়তৰ উপযোগী পথৰ বাবে হাহাকাৰ কৰিব লগা হৈছে ।

এই দৃশ্য় চিলাপথাৰ অঞ্চলৰ মধ্য চিচিটঙানি গাঁও পঞ্চায়তৰ বুঢ়িসূতি পাৰঘাটত । বছৰৰ পিছত বছৰ টুলুঙা নাৱেৰেই অহা যোৱা কৰিব লগা হৈছে ৰাইজে । এজাক বৰষুণত নৈৰ পানী বাঢ়িলেই বন্ধ হৈ পৰে যাতায়াত । চৰকাৰী অৱহেলাত চৰ অঞ্চলটোৰ দক্ষিণ গৰুমৰা, মুৰ্কংচেলেক, কাৰ্গি চাপৰি, গৰৈ মাৰকাটি, কাৰেং চাপৰি আদি পাঁচখনকৈ গাঁৱৰ ৰাইজে যাতায়াতৰ নামত ভুগিছে চৰম যাতনা ।

এই গাওঁসমূহত পথ বুলি ক'বলৈ একোৱেই নাই । চৰচাপৰিবাসী ৰাইজে কাৰোবাৰ শাকনিবাৰী, কাৰোবাৰ খেতিপথাৰৰ মাজে মাজে অহা যোৱা কৰাৰ বিকল্প নাই । একঁকাল পানী আৰু বোকাৰ মাজেৰে অহা যোৱা কৰিব লাগে গঞাই । পথৰ ব্যৱস্থা নথকাত সময় মতে উপস্থিত হ'ব নোৱাৰে বিদ্যাৰ্থী । সময়মতে চিকিৎসা নাপাই আদবাটতে মৃত্যু হয় ৰোগীৰ । সাংসদ,বিধায়ক, এম এ চি আৰু গাঁও পঞ্চায়তে এই অঞ্চলৰ উন্নয়নৰ প্ৰতি কোনেও গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ।

লগতে পঢ়ক:Unhealthy food product in Guwahati: অস্বাস্থ্য়কৰ পৰিৱেশত ভৰিৰে মোহাৰি প্ৰস্তুত পাপৰ

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.