Dilapidated road in Jorhat: আউনীআটী সত্ৰ-ঘাইপথ সংযোগী পথত পুখুৰী সদৃশ গাত - Auniati Satra National Highway connecting road

🎬 Watch Now: Feature Video

thumbnail

By

Published : Feb 14, 2023, 2:21 PM IST

টীয়ক, ১৪ ফেব্ৰুৱাৰী: ৰাজ্য় চৰকাৰে বাট-পথৰ উন্নয়ন হোৱা বুলি দাবী কৰিলেও বিভিন্ন ঠাইক উন্নয়নমূলক আঁচনিয়ে আজিও ঢুকি পোৱা নাই । ৰাজ্য়ৰ বিভিন্ন জিলাত কেইবাটাও গুৰুত্বপূৰ্ণ পথ মেৰামতি বা পুনঃনিৰ্মাণ নোহোৱাৰ ফলত ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীসকলে দুৰ্ভোগ ভুগি আহিছে (Dilapidated road in Teok)। যাতায়ত ব্যৱস্থা সুচল কৰাৰ ক্ষেত্ৰত সংশ্লিষ্ট কৰ্তৃপক্ষক দাবী জনাই অহাৰ পিছতো কৰ্তৃপক্ষই এইক্ষেত্ৰত গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে । এনে এক ছবিয়েই প্ৰতিফলিত হৈছে যোৰহাটৰ টীয়কত ।  

টীয়কৰ এটি অন্যতম গুৰুত্বপূৰ্ণ পথ হৈছে কলিয়াপানীস্থিত আউনীআটী সত্ৰ আৰু ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পথ (Public demand for reconstruction of road)। এই পথটোৰ দুৰৱস্থাই বাৰুকৈ অসুবিধাত পেলাইছে সাধাৰণ ৰাইজক । এজাক বৰষুণ দিলেই এই পথটোৰে যাতায়ত কৰিবলৈ ৰাইজে সমস্য়াৰ সন্মুখীন হ'বলগীয়া হয় । পথটোত থকা পুখুৰী সদৃশ গাতত পৰি কেইবাগৰাকী ব্যক্তি আঘাতপ্ৰাপ্ত হৈছে (Auniati Satra National Highway connecting road)। বিশেষকৈ বিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰী তথা মহিলাসকলে এই পথৰে অহা -যোৱাৰ ক্ষেত্ৰত জীয়াতু ভুগিবলগীয়া হয় । অৱশ্যে কেইবাবাৰো স্থানীয় ৰাইজে গাঁঠিৰ ধন ভাঙি পথছোৱা মেৰামতি কৰে যদিও বৰষুণৰ পানী নিষ্কাষণৰ সু ব্যৱস্থা নথকাৰ ফলত পথটোত এনে অৱস্থাৰ সৃষ্টি হৈছে ।

ইপিনে, এই পথটো হৈছে ঐতিহাসিক কলিয়াপানী সত্ৰ, যোৰহাট কৃষি বিজ্ঞান কেন্দ্ৰকে ধৰি কেইবাখনো বিদ্যালয় তথা বহু অনুষ্ঠান-প্ৰতিষ্ঠানলৈ অহা যোৱা কৰাৰ একমাত্ৰ পথ । বৰ্তমান এই পথৰ সমীপতেই মহিলা বিশ্ববিদ্যালয়, আইন মহাবিদ্যালয়, আউনীআটী বিশ্ববিদ্যালয়ৰ কাম পূৰ্ণ গতিত চলি আছে (Auniati University)। যাৰ ফলত এই পথটোত নিতৌ যথেষ্ট ভিৰ হোৱা পৰিলক্ষিত হয় ।  

সমষ্টিটোৰ জনপ্ৰতিনিধিক এই বিষয়ত বাৰম্বাৰ অনুৰোধ জনোৱাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে । ৰাইজৰ ক্ষোভৰ প্ৰতি লক্ষ্য় ৰাখি উক্ত পথটোৰ মেৰামতিৰ ক্ষেত্ৰত শেহতীয়াভাৱে নিবিদাৰ কাম সম্পূৰ্ণ কৰা হৈছে । সোনকালেই ইয়াৰ মেৰামতি কৰা হ'ব বুলি ৰাইজক বিধায়ক ৰূপজ্যোতি কূৰ্মীয়ে আশ্বাস দিছে ।

লগতে পঢ়ক:Happy Valentine's Day 2023: ১৪ ফেব্ৰুৱাৰীৰ দিনাই কিয় সমগ্ৰ বিশ্বতে পালন কৰা হয় ভেলেণ্টাইন ডে’ ?

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.