thumbnail

Conservation of Namtipul : ঐতিহাসিক নামতিপুল সংৰক্ষণৰ দাবীত সামাজিক মঞ্চ পোহৰৰ পদযাত্ৰা

By

Published : Jul 30, 2023, 9:24 AM IST

আমগুৰি, 30 জুলাই : আমগুৰিত ঐতিহাসিক নামতিপুল সংৰক্ষণ আৰু ৰামুঙীয়া আদৰ্শ চিকিৎসালয় সংৰক্ষণৰ দাবীত শনিবাৰে সামাজিক মঞ্চ পোহৰৰ উদ্যোগত ঐতিহাসিক নামতিপুলৰ পৰা আৰম্ভ কৰা হয় পদযাত্ৰা । শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়লৈ পদযাত্ৰা কৰি জিলা উপায়ুক্তগৰাকীক প্ৰদান কৰে এখনি স্মাৰক পত্ৰ ৷

ৰাজ্যৰ লোকনিৰ্মাণ বিভাগৰ চূড়ান্ত হেমাহিৰ বাবে ঐতিহাসিক নামতিপুল সংৰক্ষণ নহ'ল । নামতিপুল সংৰক্ষণৰ বাবে কাষতে এখন পকী দলংৰ নিৰ্মাণ কৰিলে যদিও যোৱা 10 বছৰতো মুকলি নহ'ল । ফলত ধ্বংসৰ দিশলৈ গতি কৰিছে ঐতিহাসিক নামতিপুল । সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে পোহৰৰ বিষয়ববীয়াই ৷

আনহাতে, আমগুৰিত যোৱা 9 বছৰে চামগুৰিস্থিত ৰামুঙীয়া মডেল হাস্পতালখন মুকলি ন’হল । 2014 চনতে 5 কোটি ব্যয়েৰে নিৰ্মাণ কাৰ্য আৰম্ভ কৰা মডেল হাস্পতালখন সম্প্ৰতি হাবি-জংঘলেৰে ভৰি পৰিছে । গুৰুত্বপূৰ্ণ বিষয় যে, 2018 চনৰ পৰা মডেল হাস্পতালখনত ডেপুতি চুপাৰিডেন্টকে ধৰি নাৰ্চ-কৰ্মচাৰী নিয়োগ কৰা তথ্য প্ৰকাশ প্ৰকাশ কৰিছে যদিও অঞ্চলবাসীয়ে লাভ নকৰিলে চিকিৎসা সেৱা ।

গড়কাপ্টানী বিভাগে স্বাস্থ্য বিভাগক চিকিৎসালয়খন হস্তান্তৰ নকৰা আৰু ৰাজ্যৰ স্বাস্থ্য বিভাগৰ গুৰুত্বহীনতাৰ বাবে সম্প্ৰতি ভূত-বাংলালৈ পৰ্যবেসিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৰামুঙীয়া মডেল হাস্পতালখন ।

লগতে পঢ়ক : International Tiger Day Celebration: গুৱাহাটী লায়ন্স ক্লাৱৰ তোলনীয়া পুত্ৰ হ’ল শুভম

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.