Poor Condition Road in Dhemaji : ধেমাজিৰ ৫নং ৱাৰ্ডৰ পথৰ দুৰৱস্থাই জীয়াতু ভোগাইছে ৰাইজক

By

Published : Dec 31, 2022, 1:35 PM IST

Updated : Feb 3, 2023, 8:37 PM IST

thumbnail
ধেমাজি নগৰৰ ৫নং ৱাৰ্ডত পথৰ দুৰৱস্থা (Poor condition road in Dhemaji) ৷ পথচোৱাই এতিয়া জীয়াতু ভোগাইছে সাধাৰণ ৰাইজক। ধেমাজি নগৰৰ নলনিপামৰ পৰা ধেমাজি আৰক্ষী ৰিজাৰ্ভ আৰু তুলসীবাৰী হৈ পুনৰ ৬নং ৱাৰ্ডৰ সৈতে সংলগ্ন হোৱা পথচোৱা এতিয়া পৰিণত হৈছে মৰণফান্দত ৷ ৰাইজৰ অভিযোগ মতে, সংশ্লিষ্ট ঠিকাদাৰে পথচোৱা অতি নিম্নমানৰ সামগ্ৰী প্ৰয়োগ কৰি নিৰ্মাণ কৰিছে, যাৰ ফলত চপৰা চপৰে এৰাই গৈছে পকী পথচোৱাৰ অংশ (Road condition in Dhemaji town) ৷ সেয়েহে পথচোৱা মেৰামতি কৰি যাতায়াতৰ বাবে উপযোগী কৰি তুলিবলৈ সংশ্লিষ্ট বিভাগক দাবী জনাইছে স্থানীয় ৰাইজে ৷
Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.