Protest in Kalgachia: খহনীয়া প্ৰতিৰোধক ৰাজ্যিক ঘাইপথ মুকলি কৰাৰ দাবীত প্ৰতিবাদ - Beki River Erosion
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-17515006-542-17515006-1674028302364.jpg)
অভয়াপুৰীৰ পৰা হাজো হৈ আমিনগাঁৱলৈ যোৱা ২ নং বিকল্প ৰাজ্যিক ঘাইপথৰ কৰাৰকুৰ অংশত বেকী নদীৰ গঢ়াখহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে(Beki River Erosion) । যাৰ ফলত বন্ধ হৈ পৰিছে উক্ত পথেৰে যাতায়ত ব্যৱস্থা(Erosion in Jania) । গৰাখহনীয়াৰ কবলত পৰি ধ্বংস হোৱা ঘাইপথ মেৰামতিৰ দাবীত বুধবাৰে নিখিল ভাৰত কৃষক সভা কলগাছিয়া, ৰূপসী আৰু তিতাপানী আঞ্চলিকৰ সমিতিৰ উদ্যোগত অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰা হয়(Protests demanding prevention of erosion of Beki river) ।
প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰ মূর্দাবাদ, অতি শীঘ্ৰেই ৰাস্তা মেৰামতি কৰক, বিজ্ঞানসন্মতভাবে গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰক, বিজেপি চৰকাৰ হায় হায় আদিকে ধৰি বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে । উল্লেখ্য যে নামনি অসমৰ একমাত্ৰ যাতায়তৰ প্ৰধান ঘাইপথটো বিগত দুটা বছৰে মেৰামতি কৰাৰ ক্ষেত্ৰত চৰকাৰ একপ্ৰকাৰ ব্যৰ্থ বুলি উল্লেখ কৰিছে প্ৰতিবাদকাৰীসকলে ।
ইফালে অতি শীঘ্ৰে উল্লেখিত ঘাইপথ মেৰামতি আৰু গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে অহা ২২ ফেব্ৰুৱাৰীত ইয়াতকৈ আৰু অধিক ভয়াবহ আন্দোলন গঢ়ি তোলাৰ ভাবুকি প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে ।