Protest at Sarthebari:সৰ্থেবাৰীত ব্যৱসায়িক সন্থাৰ প্ৰতিবাদী সমদল

By ETV Bharat Assamese Team

Published : Sep 27, 2023, 8:42 PM IST

thumbnail

বৰপেটা, ২৭ ছেপ্টেম্বৰ : ধৰ্ণা, বন্ধ, সমদলৰে আজিও প্ৰতিবাদ মুখৰ হৈ আছে বৰপেটাৰ ঐতিহাসিক সৰ্থেবাৰী । সৰ্থেবাৰী ব্যৱসায়ী সন্থাই বুধবাৰে আহ্বান জনোৱা ২৪ ঘন্টীয়া বন্ধ সৰ্বাত্মকভাৱে পালন হয় সৰ্থেবাৰীত । ব্যৱসায়ীক সন্থাৰ বন্ধত স্তব্ধ হ’ল কাঁহশিল্প নগৰী সৰ্থেবাৰী । সৰ্থেবাৰীৰ লগতে বনিয়াকুছি, নেউলাৰভিঠা আদি অঞ্চলতো বুধবাৰে বন্ধ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । ব্যৱসায়ীক সন্থাৰ আহ্বানত উলিওৱা হয় এক বৃহৎ প্ৰতিবাদী সমদল ।

প্ৰতিবাদী সমদলত ব্যৱসায়ী সকলৰ লগতে সৰ্থেবাৰী আঞ্চলিক ছাত্ৰ সন্থা, ই ৰিক্সা সন্থা, মটৰ-শ্ৰমিক সন্থা আৰু ৰাইজে সহযোগ কৰে । সৰ্থেবাৰী নতুন বজাৰৰ পৰা আৰম্ভ কৰা এই সমদল প্ৰখৰ ৰ’দকো নেওচি চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ ধাৱমান হয় । চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে । বিগত প্ৰায় দহদিন ধৰি প্ৰতিবাদ মুখৰ হৈ থকা কাঁহশিল্প নগৰীৰ ৰাইজক আজিও আশ্বস্ত কৰিব পৰা নাই চৰকাৰে । মুখ্যমন্ত্ৰীয়ে এই সম্পৰ্কত কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া হৈছে লক্ষ্যণীয় ।

লগতে পঢ়ক : Protest at Sarthebari: সৰ্থেবাৰী অঞ্চলৰ অস্তিত্ব আৰু স্বাভিমান ৰক্ষাৰ বাবে ৰাজপথলৈ ওলাই আহিল নাৰী সমাজ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.