মাছমৰীয়াৰ প্ৰতিবাদত কঁপিল বিশ্বনাথৰ জিলা উপায়ুক্তৰ কাৰ্যালয় - Protest against Assam Govt
🎬 Watch Now: Feature Video
Published : Dec 21, 2023, 8:34 AM IST
বিশ্বনাথ,২১ ডিচেম্বৰ: অসম চৰকাৰে ব্ৰহ্মপুত্ৰ নদীত মাছ মৰা বন্ধ কৰাৰ বিৰুদ্ধে বিশ্বনাথ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত মাছমৰীয়াৰ প্ৰতিবাদ ৷ প্ৰতিবাদত বহিল একাংশ বিজেপি কৰ্মীও ৷ আমাৰ অধিকাৰ ঘূৰাই দিয়ক নহ’লে ভোট বৰ্জন কৰিম, আমাৰ পূৰ্বপুৰুষৰ বৃত্তি বন্ধ কৰি আমাক পংগু নকৰিব, তেজ দিম নদী নিদিও আদি শ্ল'গানেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে মাছমৰীয়াসকলে ।
কাজিৰঙাৰ সুৰক্ষাৰ স্বাৰ্থত মাছ মৰাত বাধা আৰোপ কৰাৰ ফলত পানীত হাঁহ নচৰা অৱস্থা হৈছে ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰি জীৱন নিৰ্বাহ কৰি থকা ৰাইজৰ ৷ মাছমৰীয়াৰ নাৱত জি পি এছ সংযুক্ত কৰি পুনৰ মাছ মাৰিবলৈ অনুমতি দিয়াৰ দাবী মাছমৰীয়া ৰাইজৰ ৷ মাছমৰীয়াসকলৰ এই সমস্যা সমাধান নকৰিলে আগন্তুক লোকসভা নিৰ্বাচনত ভোট বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে প্ৰতিবাদকাৰী মাছমৰীয়াসকলে ৷
লগতে পঢ়ক: দুধনৈ-পলাশবাৰীত হ’ব দুখনকৈ নতুন আয়ুৰ্বেদিক মহাবিদ্যালয়