Protest in Hailakandi: ডিঙিত কেঁচা তামোলৰ মালা পিন্ধি হাইলাকান্দিত প্ৰতিবাদ - Burmese supari
🎬 Watch Now: Feature Video


Published : Sep 6, 2023, 10:44 PM IST
কৰিমগঞ্জ, 6 ছেপ্টেম্বৰ : বৰাকত বাৰ্মিজ চুপাৰিৰ ৰপ্তানি নিষিদ্ধ কৰিছে আৰক্ষীয়ে ৷ ইয়াৰ মাজতে একাংশ সৰবৰাহকাৰীয়ে এতিয়াও বাৰ্মিজ চুপাৰিৰ সৰবৰাহ অব্যাহত ৰাখিছে ৷ ইয়াৰ মাজতে বুধবাৰে ৰাইজৰ দল আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে হাইলাকান্দিত ৰাজপথলৈ ওলাই আহি বাৰ্মিজ চুপাৰিৰ ৰপ্তানি বন্ধ কৰাৰ লগতে ৰোটা কাৰখানাত হাৰাশাস্তি বন্ধ কৰাৰ দাবী জনাই এক সমদল উলিয়াই । এই সমদলত প্ৰতিবাদকাৰীসকলে ডিঙিত কেঁচা তামোলৰ মালা পিন্ধি প্ৰতিবাদ সাব্য়স্ত কৰে ৷ প্ৰতিবাদকাৰীসকলে সকীয়নি দিয়ে যে, মুখ্যমন্ত্ৰীয়ে যদি কাইলৈৰ ভিতৰত হাইলাকান্দিত এই বিষয়ত আলোচনা নকৰে তেন্তে প্ৰতিবাদকাৰীসকলে মুখ্যমন্ত্ৰীৰ সন্মুখত প্ৰতিবাদত বহিব ।
ইফালে ইয়াৰ পিচতে প্ৰতিবাদস্থলীত হাইলাকান্দি আৰক্ষী উপস্থিত হৈ প্ৰতিবাদ বন্ধ কৰেহি ৷ আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক ছত্ৰভংগ দিয়ে ৷
লগতে পঢ়ক: Nuh Violence Update : হিংসাৰ পাছত ছাত্ৰ-ছাত্ৰী শূণ্য নুহৰ বিদ্যালয়