Protest at Misamari: ছাত্ৰীৰ ধৰ্ষণকাৰীক ফাঁচীৰ দাবীত চাহ জনগোষ্ঠীয় সংগঠনৰ প্ৰতিবাদ - protest against rape case at misamari
🎬 Watch Now: Feature Video
Published : Oct 20, 2023, 10:28 PM IST
ৰঙাপৰা, ২০ অক্টোবৰ: শিশু ধৰ্ষণকাৰীক ফাঁচী দিয়াৰ দাবীত শুকুৰবাৰে উত্তাল হৈ পৰে মিছামাৰী । দুৰ্গা পূজাৰ আনন্দৰ মাজতে আছা আৰু আটছাই মিছামাৰী আৰক্ষীৰ থানাৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে । দিনৰ ১১ বজাত প্ৰতিবাদকাৰী সকলে মিছামাৰী আৰক্ষী থানাৰ সন্মুখত শিশু ধৰ্ষণকাৰী তথা মিছামাৰীৰ গড়বস্তিৰ ৰতন গড়ক ফাঁচী দিয়াৰ দাবীত বিভিন্ন শ্লগান দিয়ে ।
উল্লেখ্য যে যোৱা ১২ অক্টোবৰত মিছামাৰীৰ কেন্দ্ৰীয় বিদ্যালয়ত বিভাগীয় কৰ্তৃপক্ষৰ হেমাহিৰ বাবে দিন দুপৰত এই ঘটনাটো সংঘটিত হৈছিল । বিদ্যালয়খনত চাফাই কৰ্মী হিচাপে নিয়োজিত ৰতন গড়ে সাত বছৰীয়া ছাত্ৰীগৰাকীক ফুচুলাই নি দুষ্কাৰ্য সংঘটিত কৰিছিল । ইফালে, মিছামাৰীৰ কেন্দ্ৰীয় বিদ্যালয়ত সংঘটিত শিশুৰ ধৰ্ষণৰ ঘটনাৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে । আজি প্ৰতিবাদস্থলীত আছা আৰু আটছাই মিছামাৰী আৰক্ষী থানাৰ লগতে শোণিতপুৰ জিলাৰ আয়ুক্ত, আৰক্ষী অধীক্ষক আৰু ঠেলামৰা ৰাজহ চক্ৰ বিষয়ালৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।
স্মাৰক পত্ৰখনত দুয়োটা সংগঠনে শিশু ধৰ্ষণকাৰী ৰতন গড়ক ফাঁচী দিয়াৰ দাবী তোলাৰ লগতে উক্ত ঘটনাৰ সংক্ৰান্তত মিছামাৰী আৰক্ষীয়ে নিৰেন গড়ক আটক কৰাৰ পিছত আৰক্ষীৰ জিম্মাত থকাৰ সময়তে সাধাৰণ লোকে লোকজনক মাৰপিট কৰা আৰু ফটো তুলি ধৰ্ষণকাৰী বুলি সামাজিক মাধ্যমত প্ৰচাৰ কৰাৰ ঘটনাৰ তদন্ত কৰিবলৈ পত্ৰখনত উল্লেখ কৰে ।
লগতে পঢ়ক:Majuli raas: ৰাজধানীত ৰাস, উজলিব মাজুলীৰ মুখাশিল্প