thumbnail

By

Published : Aug 17, 2023, 8:30 PM IST

ETV Bharat / Videos

Protest at Chabua : শিয়ালকাটি চাহ বাগিচাত শ শ শ্ৰমিকৰ তীব্ৰ প্ৰতিবাদ

ডিব্ৰুগড়, 17 আগষ্ট : বৃহস্পতিবাৰে চাহ শ্ৰমিকৰ বিভিন্ন সমস্যাৰ সমাধানৰ দাবীত চাবুৱা সমষ্টিৰ শিয়ালকাটি চাহ বাগিচাত শ শ শ্ৰমিকে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷ বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে চাহ শ্ৰমিক সকলে ৷ প্ৰতিবাদী চাহ শ্ৰমিকসকলৰ অভিযোগ, চৰকাৰৰ ভুল নীতিৰ বাবে বাগিচাসমূহ বিক্ৰি হৈ গৈছে ৷ ফলত শ্ৰমিকে সময়ত মজুৰী লাভ নকৰে ৷  

চাহ বাগিচাত কাম কৰাৰ বিনিময়ত পূৰ্বে লাভ কৰা সা-সুবিধা সমূহ শ্ৰমিক সকলে লাভ নকৰা হ'ল বুলি অভিযোগ কৰে প্ৰতিবাদকাৰীসকলে ৷ লগতে প্ৰতিবাদকাৰী সকলৰ দাবী বছৰ বছৰ ধৰি ভোগ কৰি অহা মাটিৰ শ্ৰমিক সকলৰ নামত পট্টা দিব লাগে ৷ লগতে চাহ বাগিচাৰ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰাৰ দাবীও উত্থাপন কৰে তেওঁলোকে ৷ এই প্ৰতিবাদী কাৰ্যসূচীত চাবুৱাৰ প্ৰাক্তন বিধায়ক ৰাজু চাহুয়েও অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক : ABVP flag damage: বঙাইগাঁও মহাবিদ্যালয়ৰ সন্মুখত ABVPৰ বেনাৰ ফলাক লৈ উত্তপ্ত পৰিস্থিতি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.