CPIM Protest at Rangia : ত্ৰিপুৰা বিজেপিৰ বিৰুদ্ধে ৰঙিয়াত চিপিআইএম দলৰ প্ৰতিবাদ

By

Published : Mar 12, 2023, 8:47 AM IST

thumbnail

ৰঙিয়া, 12 মাৰ্চ :  ৰঙিয়াত চিপিআইএম দলৰ উত্তাল প্ৰতিবাদ । ত্ৰিপুৰাত বিজেপি দলৰ হত্যা সন্ত্ৰাসৰ ৰাজনীতিৰ বন্ধ কৰাৰ দাবী তুলি শনিবাৰে ৰঙিয়াত চি পি আই এম দলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । ২ মাৰ্চত ত্ৰিপুৰা ৰাজ্যৰ বিধান সভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিচতে বাওঁপন্থী দলৰ নেতা-কৰ্মীৰ ওপৰত বিজেপি কৰ্মীয়ে চলাই আহিছে আক্ৰমণ ৷ শতাধিক চিপি আই(এম) কৰ্মীক গুৰুতৰভাৱে আহত কৰাৰ লগতে ঘৰ-দুৱাৰ জ্বলাই দিয়াৰ খবৰো পোৱা গৈছে (CPIM Protest at Rangia) ।

এই ঘটনাৰ পিচতে সৰ্বভাৰতীয় পৰ্যায়ত চিপি আই এম দলে ৰূপায়ণ কৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচীৰ । কাৰ্যসূচীৰ অংশ হিচাবে ৰঙিয়াতো দলটোৰ বাসুদেৱ কলিতা, বীৰেন শৰ্মা, মুকুল কলিতা প্ৰমুখ্যে নেতৃবৃন্দৰ উপস্থিতিত সাব্যস্ত কৰা হয় প্ৰতিবাদ । প্ৰতিবাদকাৰী সকলে ৰঙিয়া নগৰৰ হাইৱে চ’কৰ পৰা প্ৰতিবাদী সমদল উলিয়ায় (CPIM worker attacked in Tripura) । 

চিপিআই (এম)ৰ নেতা-কৰ্মীসকলে গণতন্ত্ৰ আৰু আইনৰ শাসন ৰক্ষা কৰক, ত্ৰিপুৰাত বিজেপিৰ হত্যা সন্ত্ৰাসৰ ৰাজনীতি বন্ধ কৰক আদি শ্লোগানেৰে উত্তপ্ত কৰি তোলে প্ৰতিবাদস্থলী (CPIM worker attacked by BJP in Tripura) ।

লগতে পঢ়ক : CPIM Protest in Guwahati: ত্ৰিপুৰাত CPIMৰ কৰ্মীৰ ওপৰত চলা আক্ৰমণৰ বিৰুদ্ধে গুৱাহাটীত প্ৰতিবাদ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.