thumbnail

By ETV Bharat Assamese Team

Published : Oct 23, 2023, 4:37 PM IST

ETV Bharat / Videos

Nagaland Police Detained Assam Youth : নাগালেণ্ড আৰক্ষীয়ে অসমৰ যুৱকক লৈ যোৱাক লৈ উত্তপ্ত অসম-নগালেণ্ড সীমান্ত

আমগুৰি, ২৩ অক্টোবৰ : শিৱসাগৰ জিলাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী হালোৱাটিঙত উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছে । হালোৱাটিঙৰ মোহন ৰাভা নামৰ এজন যুৱকক নাগালেণ্ড পুলিচে উঠাই নিয়াক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে । অসমীয়া যুৱ মঞ্চ আৰু হালোৱাটিঙৰ ব্যৱসায়ীয়ে ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছে প্ৰতিবাদ ৷ সোমবাৰে পুৱা হালোৱাটিঙৰ পৰা টুৱেনচাং আৰক্ষীয়ে অসমৰ প্ৰশাসনক অৱগত নকৰোৱাকৈ মোহন ৰাভাক ঘৰৰ পৰা উঠাই নিয়ে । নাগালেণ্ড পুলিচ হায় হায়, নগালেণ্ড প্ৰশাসন গ'বেক, হালোৱাটিঙৰ যুৱকক বিনাচৰ্তে মুক্তি দিয়ক শ্ল'গানেৰে ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি সৃষ্টি কৰিছে উত্তপ্ত পৰিস্থিতিৰ ৷ হালোৱাটিঙৰ যুৱকক বিনাচৰ্তে মুক্তিৰ দাবী জনাই ১২ ঘণ্টাৰ সময়সীয়া বান্ধি দিছে অসমীয়া যুৱ মঞ্চই । অন্যথাই অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধৰ হুংকাৰ দিছে । অৱৰোধস্থলীত হালোৱাটিং আৰক্ষী উপস্থিত হৈ নাগালেণ্ড প্ৰশাসনৰ লগত মিলিত হৈছে আলোচনাত ।

লগতে পঢ়ক: Assam youth killed in Nagaland: মৰণোত্তৰ পৰীক্ষা নহ’ল ললিত-উৎপলৰ; ৰাইজে নকৰে সৎকাৰ !

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.