thumbnail

Tax hike in Teok Municipality: টীয়কত অত্যাধিক পৌৰ কৰ সংগ্ৰহৰ বিৰুদ্ধে প্ৰতিবাদ

By

Published : Mar 20, 2023, 11:21 AM IST

টীয়ক ,২০ মাৰ্চ: নাগৰিক সমিতি টীয়কৰ উদ্যোগত আৰু টীয়কবাসীৰ সহযোগত অত্যাধিক পৌৰ কৰ সংগ্ৰহৰ প্ৰতিবাদত দেওবাৰে বিয়লি টীয়ক জাতীয় বিদ্যালয়ত এখনি নাগৰিক সভা অনুষ্ঠিত হয় (Protest against tax increased in Teok Municipality)। নাগৰিক সমিতি টীয়কৰ সভাপতি প্ৰদীপ চুতীয়াৰ সভাপতিত্বত অনুষ্ঠিত উক্ত নাগৰিক সভাত টীয়ক জ্যেষ্ঠ নাগৰিক সন্থা, সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, টীয়ক প্ৰেছ ক্লাৱকে ধৰি টীয়কৰ বিভিন্ন দল -সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠান আৰু টীয়কবাসী ৰাইজ উপস্থিত থাকি পৌৰসভাৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰে (Protest against Municipal tax hike)।

উক্ত সভাত উপস্থিত ৰাইজে প্ৰথমে নগৰৰ সা সুবিধা প্ৰদান আৰু তাৰ পাচত কৰ ল'বলৈ ৰাজহুৱাকৈ আহ্বান জনাই উৰ্ধতম কৰ্তৃপক্ষক (Public meeting against Tax hike at Teok)। এই সভাতে সৰ্বসন্মতিক্ৰমে কেইবাটাও দাবী সম্বলিত প্ৰস্তাৱ গ্ৰহণ কৰি জিলা উপায়ুক্ত, ৰাজহ চক্ৰ বিষয়া তথা সংশ্লিষ্ট কৰ্তৃপক্ষক প্ৰদানৰ সিদ্ধান্ত লোৱা হয় । টীয়ক পৌৰ এলেকাৰ সহস্ৰাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত এই সভাৰ পাচতে ৰাইজ পৌৰসভাৰ এনে সিদ্ধান্তৰ  বিৰুদ্ধে প্ৰতিবাদ কৰি তেজ দিম কৰ নিদিও, পৌৰসভা গ'বেক আদি ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে ।

লগতে পঢ়ক:Adani Group suspends petrochemical project : আদানী গ্ৰুপে বন্ধ কৰিছে 34500 কোটি টকাৰ পেট্ৰ’কেমিকেল প্ৰকল্পৰ কাম

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.