thumbnail

By

Published : Aug 12, 2023, 7:28 PM IST

ETV Bharat / Videos

Protest in Dibrugarh: মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদত কঁপিল ডিব্ৰুগড়

ডিব্ৰুগড়,১২ আগষ্ট: ইন্ধনৰ পৰা আৰম্ভ কৰি সকলো নিত্য ব্যৱহাৰ্য্য সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে । ফলত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জ্বলা-কলা খুৱাইছে সৰ্বসাধাৰণক । সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিয়ে হাহাকাৰ লগাইছে ৰাজ্যবাসীৰ মাজত ।  

কিন্তু মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ পৰিৱৰ্তে পুনৰ নিত্য ব্যৱহাৰ্য্য সামগ্ৰীৰ মূল্যবৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে চৰকাৰে । ইয়াৰ পাছতে ৰাজ্যত তীব্ৰ প্ৰতিবাদ আৰম্ভ হৈছে । শনিবাৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ডিব্ৰুগড়ত অসমীয়া যুৱ মঞ্চই ৰূপায়ণ কৰে তীব্ৰ প্ৰতিবাদ । চহৰখনৰ চৌকিডিঙ্গী চাৰিআলিত অত্যাৱশ্যকীয় সামগ্ৰীৰ মুল্যবৃদ্ধিৰ ৰোধ কৰিব নোৱাৰা বিজেপি মিত্ৰজোঁট চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গানেৰে চহৰখনৰ ৰাজপথ কঁপাই তোলে ।  

লগতে কয়, এইখন চৰকাৰে যি ধৰণে সামগ্ৰীৰ মূল্যবৃদ্ধি কৰিছে ইয়াৰ পাছতেই সাধাৰণ দৰিদ্ৰ ৰাইজ জীয়াই থকাটো সমস্যা হৈছে । সেয়ে মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰক যদি মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰে মুখ্যমন্ত্ৰীকে ধৰি সকলো মন্ত্ৰীয়ে পদত্যাগ কৰাৰ দাবী জনাই অসমীয়া যুৱ মঞ্চই । 

লগতে পঢ়ক: BJP Kishan morcha news: ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাত স্বামীৰ প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.