Protest in Rangia: ৰঙিয়াত বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ - Protest in Rangia
🎬 Watch Now: Feature Video
Published : Oct 4, 2023, 8:39 PM IST
ৰঙিয়া,৪ অক্টোবৰ: ৰঙিয়াত বিদ্যুৎ বিভাগ তথা অসম চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ । ৰাজপথত জ্বলালে বিদ্যুতৰ বৰ্দ্ধিত মাচুলৰ 'চাৰ্কুলাৰ' । বিদ্যুতৰ মাচুল পুনৰ বৃদ্ধিৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বাবে ৰঙিয়াত বুধবাৰে কংগ্ৰেছে সাব্যস্ত কৰে প্ৰতিবাদ । অসম প্ৰদেশ কংগ্ৰেছৰ আহ্বান মৰ্মে ৰঙিয়া ব্লক কংগ্ৰেছৰ উদ্যোগত আৰু যুৱ কংগ্ৰেছৰ সহযোগত সাব্যস্ত কৰা হয় এই প্ৰতিবাদ ।
দলটোৰ সদস্যসকলে প্ৰথমে ৰঙিয়াৰ ৰাজীৱ ভৱনত এক দলীয় সভাত মিলিত হয় । সভাৰ অন্তত কংগ্ৰেছৰ সদস্যসকলে ৰাজীৱ ভৱনৰ পৰা ৰঙিয়াৰ গান্ধী মণ্ডপ অভিমুখে সমদল উলিয়ায় । প্ৰতিবাদকাৰীসকলে মূল্যবৃদ্ধি হ্ৰাস কৰক, অসম চৰকাৰ হায় হায় আদি শ্ল'গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে । প্ৰতিবাদকাৰীসকলে গান্ধী মণ্ডপৰ সমীপত এপিডিচিএলৰ 'চাৰ্কুলাৰ'খন দাহ কৰে । লগতে মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ দাবী জনায় প্ৰতিবাদকাৰী কংগ্ৰেছ কৰ্মীসকলে ।
লগতে পঢ়ক: Road accident: তিনিচুকীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা