HSLC paper leak news: ডিব্ৰুগড়ত আৰক্ষী আৰু প্ৰতিবাদকাৰী ছাত্ৰ নেতাৰ মাজত খণ্ড যুদ্ধ - হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ভাইৰেল

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 14, 2023, 2:18 PM IST

ডিব্ৰুগড়, 14 মাৰ্চ : হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ভাইৰেলক লৈ ৰাজ্যজুৰি চলি আছে প্ৰতিক্ৰিয়া । বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত সামাজিক মাধ্যমত ভাইৰেল আৰু বিজ্ঞানৰ পৰীক্ষা হঠাৎ বাতিলৰ সিদ্ধান্তৰ বিৰুদ্ধে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাইও প্ৰতিবাদ সাব্যস্ত কৰিছে (HSLC paper leak) ।

লাখ লাখ শিক্ষাৰ্থীৰ জীৱনক লৈ হেতালি খেলা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু ছেবাৰ অধ্যক্ষ ৰমেশ জৈনৰ বিৰুদ্ধে সৰৱ হ’ল ছাত্ৰ সন্থা (Protest against education minister) ৷ দুয়োৰে প্ৰতিকৃতি গছত ওলমাই দিব বিচৰা কাৰ্যত ডিব্ৰুগড় আৰক্ষীয়ে বাধা প্ৰদান কৰে । আছু কৰ্মীৰে সৈতে আৰক্ষীৰ খণ্ডযুদ্ধও হয় ।

চৌকিডিঙিস্থিত শ্বহীদ ভৱনৰ পৰা প্ৰতিবাদী সমদল কৰি চৌকিডিঙি চাৰিআলিত বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে পৰিস্থিতি উত্তপ্ত কৰি তোলে (Protest against education minister in Dibrugarh) । আছুৰ নেতৃত্বই মেট্ৰিকৰ পৰীক্ষা স্বচ্ছ আৰু নিকাভাৱে পাতিব নোৱাৰাত শিক্ষা বিভাগক কঠোৰ ভাষাৰে সমালোচনা কৰে ।

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু ছেবাৰ অধ্যক্ষৰ প্ৰতিমূৰ্তি লৈ আছু কৰ্মীৰ প্ৰতিবাদত এক উত্তপ্ত পৰিস্থিতিয়ে দেখা দিয়ে । আৰক্ষী আৰু চি আৰ পি এফৰ নিৰাপত্তাৰ মাজত ৰছীত উলমিল শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু ছেবাৰ অধ্যক্ষৰ প্ৰতিমূৰ্তি ।

উল্লেখযোগ্য যে, সোমবাৰে বাতিল কৰা হৈছিল চলিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সাধাৰণ বিজ্ঞানৰ পৰীক্ষা । ইয়াৰ পিছতে প্ৰতিবাদমুখৰ হৈ পৰে সমগ্ৰ ৰাজ্য ৷ ছেবাৰ লগতে ৰাজ্যৰ শিক্ষা বিভাগক তীব্ৰ সমালোচনা কৰিছে সচেতন মহলে । সমগ্ৰ ঘটনাক লৈ ছেবাই CID ক দাখিল কৰিছিল এজাহাৰ । ইয়াৰ পাছতেই ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ ডিব্ৰুগড় আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান ।

লগতে পঢ়ক : HSLC question paper leak : প্ৰশ্নকাকত ফাদিল প্ৰসংগত পুনৰ কি ক'লে শিক্ষামন্ত্রী ডাঃ পেগুৱে ?

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.