thumbnail

By

Published : Jul 17, 2023, 10:00 PM IST

ETV Bharat / Videos

Protest against Constituency Delimitation:ৰাজ্যিক ঘাইপথ অৱৰোধ কৰি গাভৰুভেটি গাঁ‌ও পঞ্চায়তৰ একাংশ ৰাইজৰ প্ৰতিবাদ

তিনিচুকীয়া, ১৭ জুলাই : ভাৰতীয় নিৰ্বাচন আয়োগৰ সমষ্টি পুনৰ নিৰ্ধাৰণ খচৰাত ডুমডুমা বিধানসভা সমষ্টিৰ অন্তৰ্গত গাভৰুভেটি গাঁ‌ও পঞ্চায়তক ১২৩ নং ডিগবৈ বিধানসভা সমষ্টিত অন্তৰ্ভুক্তিৰ প্ৰতিবাদত সোমবাৰে ২ ঘন্টীয়া ডুমডুমা-ফিল’বাৰী ৰাজ্যিক ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে সাধাৰণ জনতাই । ডিগবৈ বিধানসভা সমষ্টিৰ সৈতে কোনো ধৰণৰ ভৌগোলিক, অৰ্থনৈতিক আৰু যাতায়ত সংযোগ নথকা স্বত্তেও গাভৰুভেটি গাঁও পঞ্চায়তক অন্তৰ্ভুক্ত কৰাত ক্ষোভিত হৈ পৰিছে পঞ্চায়তখনৰ একাংশ লোক।

সোমবাৰে অঞ্চলটোৰ শতাধিক ৰাইজ ওলাই আহি প্ৰতিবাদ কৰি নিৰ্বাচন আয়োগক এনে সিদ্ধান্ত বাতিল কৰিবলৈ আহ্বান জনায় । উল্লেখ্য যে, সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা দিনটোৰ পৰাই এইসকল লোকে বিভিন্ন ধৰণৰ সজাগতা সভা অনুষ্ঠিত কৰি জনমত গঠনৰ লগতে গণ স্বাক্ষৰ অভিযান চলাই ইতিমধ্যে নিৰ্বাচন আয়োগলৈ পত্ৰ প্ৰেৰণ কৰিছে । অহা ২১ জুলাইত নিৰ্বাচন আয়োগৰ খচৰাৰ শুনানিত গাভৰুভেটি গাঁও পঞ্চায়তৰ ৰাইজেও তেওঁলোকক ডিগবৈ বিধান সভা সমষ্টিত অন্তৰ্ভুক্ত নকৰিবলৈ আপত্তি জনাব বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰে ।

লগতে পঢ়ক : Constituency Delimitation:মৰাণ বিধানসভা সমষ্টিৰ নাম বাহাল ৰখাৰ দাবী মৰাণ ছাত্ৰ সন্থাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.