Massive fire: চিলাপথাৰত অগ্নিকাণ্ডত কেইবা লাখ টকাৰ সম্পত্তি নষ্ট - অগ্নিকাণ্ডত কেইবা লাখ টকাৰ সম্পত্তি নষ্ট
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10-09-2023/640-480-19480014-thumbnail-16x9-dhemaji2.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Sep 10, 2023, 10:56 PM IST
জোনাই, 10 ছেপ্টেম্বৰ: দেওবাৰে বিয়লি চিলাপথাৰৰ মাদুৰিপথাৰ বজাৰত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড । এই অগ্নিকাণ্ডত গোপাল চাহু নামৰ ব্যৱসায়ী জনৰ ধান মিল, গুদাম ঘৰৰ লগতে বাসগৃহৰ বিস্তৰ ক্ষতিসাধন হয় ৷ সোণ-ৰূপৰ গহনা, কাপোৰৰ পৰা আৰম্ভ কৰি স্কুলীয়া শিশুৰ কিতাপ-পত্ৰ পৰ্যন্ত পুৰি ছাঁই হয় এই অগ্নিকাণ্ডৰ ফলত ।
চিলাপথাৰ অগ্নিনিৰ্বাপক বাহিনীৰ জোৱানে ৰাইজৰ সহযোগত জুই নিৰ্বাপনৰ বহু চেষ্টা চলাই যদিও সা-সম্পত্তিৰ বিস্তৰ ক্ষতিসাধন হয় । অগ্নিকাণ্ডৰ ঘটনাত কেইবালক্ষাধিক টকাৰ সা-সম্পত্তি জাহ যোৱা বুলি জানিব পৰা গৈছে ৷ অগ্নিকাণ্ডৰ কাৰণ সন্দৰ্ভত অৱশ্যে জানিব পৰা হোৱা নাই । অগ্নিকাণ্ডটোত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালটোৰ সদস্যই ক্ষতিপূৰণ বিচাৰিছে চৰকাৰৰ পৰা ৷ এই অগ্নিকাণ্ডই চিলাপথাৰৰ মাদুৰি পথাৰত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
লগতে পঢ়ক: Terrible road accident: ডিব্ৰুগড়ত শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত 7 জন; কেইবাজনো আহত