thumbnail

By

Published : Aug 21, 2023, 6:05 PM IST

ETV Bharat / Videos

Football Tournement at Kaliabor:শাকমুঠীয়া চাহ বাগিচাত প্ৰাইজমানী ফুটবল প্ৰতিযোগিতা

কলিয়াবৰ, 21 আগষ্ট : আৰম্ভ হৈছে কলিয়াবৰ আন্তঃক্লাব ফুটবল প্ৰতিযোগিতা ৷ কলিয়াবৰৰ শাকমুঠীয়া চাহ বাগিচাৰ খেলপথাৰ উদয় ক্লাবৰ ব্যৱস্থাপনাত সুদক্ষ ফুটবল খেলুৱৈ প্ৰয়াত ৰঞ্জিত তাছা আৰু সমাজকৰ্মী প্ৰয়াত জয়ধৰ তাঁতী সোঁৱৰণী চলন্ত ট্ৰফী প্ৰাইজমানী ফুটবল প্ৰতিযোগিতা দেওবাৰৰ পৰা আৰম্ভ হৈছে । সোমবাৰৰ উদ্বোধনী খেলত অংশগ্ৰহণ কৰে ডিমাকুচী ইলেভেন ষ্টাৰ ক্লাব আৰু কেলিডেন চাহ বগিচাই । খেলখনত কেলিডেন চাহ বাগিচাই ২–১ গ’লৰ ব্যৱধানত জয়লাভ কৰে । কেলিডেনৰ হৈ গ’ল দুটা দিয়ে ক্ৰমে – বীৰেন তাছা আৰু পিটাৰ আইণ্ডে । ডিমাকুচীৰ হৈ একমাত্ৰ গ’লটো দিয়ে বিকাশ খেৰিয়াই ।

খেলৰ আৰম্ভণিতে প্ৰয়াত ৰঞ্জিত তাছাৰ বিষয়ে কেতবোৰ সাৰমৰ্ম ভাষণ আগবঢ়াই অগপ নেতা মণি মাধৱ মহন্তই ৷ প্ৰতিযোগিতখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে শাকমুঠীয়া চাহ বাগিচাৰ সহকাৰী পৰিচালক সন্তোষ যাদৱে । খেলৰ আৰম্ভণিতে প্ৰয়াত ৰঞ্জিত তাছা আৰু জয়ধৰ তাঁতীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে পৰিয়ালবৰ্গই ৷

লগতে পঢ়ক : Football league at Kaliabor: কলিয়াবৰ আন্তঃক্লাৱ ফুটবল প্ৰতিযোগিতা আৰম্ভ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.