Prize Money Football Competition: হিল দ’ল ভাঙি ফুটবল প্ৰতিযোগিতা চাবলৈ ওলাই আহিল টিংখাঙৰ ৰাইজ - টিংখাঙত ফুটবলৰ জ্বৰ
🎬 Watch Now: Feature Video


Published : Sep 26, 2023, 10:51 AM IST
ডিব্ৰুগড়, 26 ছেপ্টেম্বৰ : কৰম পূজাৰ দিনটোত টিংখাঙত দেখা গ’ল ফুটবলৰ জ্বৰ । ফুটবল প্ৰতিযোগিতা চাবলৈ ওলাই আহিল হাজাৰ হাজাৰ দৰ্শকক । টিংখাঙৰ ঔফুলীয়াত সোমবাৰে দেখা পোৱা গ'ল ফুটবলৰ জনপ্ৰিয়তা । উল্লেখ্য যে ঔফুলীয়া ফুটবল ক্লাবৰ উদ্যোগত তথা ঔফুলীয়াবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা প্ৰাইজমণি ফুটবল প্ৰতিযোগিতাৰ সোমবাৰে বিয়লি সফল সামৰণি পৰে ।
ঔফুলীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা মাহযোৰা এই প্ৰতিযোগিতাখনত ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তৰ মুঠ 38 টা দলে অংশগ্ৰহণ কৰিছিল । হেজাৰ হেজাৰ দৰ্শকৰ উপস্থিতিত সোমবাৰে ঔফুলীয়া ফুটবল ক্লাব আৰু খোৱাং ফুটবল ক্লাবৰ মাজত চূড়ান্ত খেলখন অনুষ্ঠিত হয় । তীব্ৰ প্ৰতিদ্বন্দিতা পূৰ্ণ চূড়ান্ত খেলখনত ঔফুলীয়া ফুটবল ক্লাবে খোৱাং ফুটবল ক্লাবক 1-0 গ'লত পৰাস্ত কৰে ।
লগতে পঢ়ক: Drunk police video viral: ড্ৰাই ডে’ ! ৰাজপথত দিন দুপৰতে ঢলং পলং আৰক্ষী জোৱান